/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ea4cfb7a-50f1-48e2-8e7e-b8c6c3a3ac1a/AP_FOR_WEB_.jpg)
ডিজিটেল ডেস্ক : আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। এই মৃত্যু তিথিটো শিল্পী দিৱস হিচাপে প্ৰতিবছৰে পালন কৰা হয়। এইবাৰো অসমৰ ভিন্ন প্ৰান্তত পালন কৰা হ'ব শিল্পী দিৱস।
সমান্তৰালকৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত শিল্পী দিৱসৰ আয়োজন কৰা হৈছে। ১৭ জানুৱাৰী বুধবাৰে বিয়লি ৪-০০ বজাত তেজপুৰ কলেজিয়েত উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হ'ব শিল্পী দিৱস।
এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি লৈ আগবঢ়াব বিভিন্ন বঁটা তথা সন্মান। উক্ত অনুষ্ঠানত ২০২৪ বৰ্ষৰ সন্মানীয় 'শিল্পী বঁটা' প্ৰদান কৰিব বিশিষ্ট সংগীত শিল্পীক মনিষা হাজৰিকাক।
আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিতানত বিশিষ্ট সাহিত্যিক- সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱালৈ ২০২৩ বৰ্ষৰ সন্মানীয় ছ্যু-কা-ফা বঁটা আগবঢ়োৱা হ'ব। পণ্ডিত-গৱেষক ড০ প্ৰদীপজ্যোতি মহন্তলৈ ২০২৩ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা আৰু বিশিষ্ট সাংবাদিক- সম্পাদক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীলৈ ২০২৩ বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা আগবঢ়োৱা হ'ব।
ইফালে ৰাজ্যিক পৰ্যায়ত বিশিষ্ট সাংবাদিক প্ৰশান্ত বৰুৱালৈ ড০ ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা, বিশিষ্ট অভিনেত্ৰী চেতনা দাসলৈ নটসূৰ্য ফণী শৰ্মা বঁটা, লোকশিল্পী জগদীশ বৰ্মনলৈ শিল্পীসৈনিক ব্ৰজনাথ শৰ্মা বঁটা আৰু ড০ মালতী বৰুৱালৈ সতী ৰাধিকা বঁটা আগবঢ়োৱা হ'ব।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিভাগীয় মন্ত্ৰী বিমল বড়া। সন্মানীয় অতিথি হিচাপে মন্ত্ৰী অশোক সিংহল আৰু পীযুষ হাজৰিকা আৰু বিশিষ্ট অতিথি হিচাপে সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, পদ্ম হাজৰিকা, গণেশ কুমাৰ লিম্বু আৰু কৃষ্ণ কমল তাঁতীয়ে অংশগ্ৰহণ কৰিব।
সভাত নিৰ্দিষ্ট বক্তা হিচাপে ড০ স্বাধীনতা মহন্তই বক্তৃতা প্ৰদান কৰিব। অনুষ্ঠানত উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
Also Read: আজি শিল্পী দিৱস : ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হ'ব ৰূপকোঁৱৰৰ তিথি