আজি শিল্পী দিৱস : ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হ'ব ৰূপকোঁৱৰৰ তিথি

১৯৫১ চনৰ আজিৰ দিনটোতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমবাসীক কন্দুৱাই মেলানি মাগিছিল জীৱন নাটৰ। তথাপি শিল্পী তুমি তিনিও কালৰ। অতীতৰ, বৰ্তমানৰ আৰু ভৱিষ্যতৰ।
আজি শিল্পী দিৱস
আজি শিল্পী দিৱস

ডিজিটেল ডেস্ক : আজি ১৭ জানুৱাৰী, শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ পূণ্য তিথি। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যত প্ৰতিবছৰে পালন কৰি অহা হৈছে আগৰৱালাদেৱৰ মৃত্যু তিথি তথা শিল্পী দিৱস।

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰদসাদ আগৰৱালাই অসম আৰু অসমীয়াক দি গৈছে সাহিত্য- সংস্কৃতিৰ মেটমৰা সম্ভাৰ। তেখেত আছিল একেধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক, ছবি নিৰ্মাতা, পৰিচালক আদি প্ৰতিভাৰে সম্বৃদ্ধ বহুমুখী প্ৰতিভাৰ এটি নক্ষত্ৰসদৃশ বিশাল ব্যক্তিৰ গৰাকী।

জ্যোতিপ্ৰসাদ আছিল অসমীয়া ছবিৰ আছিল বাটকটীয়া। যাৰ ফলস্বৰূপে অসমবাসীয়ে লাভ কৰিছিল প্ৰথম অসমীয়া বোলছবি 'জয়মতী'। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিলাভ কৰিছিল এই ছবিখনে। গীতিসাহিত্যৰ ক্ষেত্ৰতো শিল্পীগৰাকীয়ে দি গৈছে অনন্য প্ৰতিভাৰ স্বাক্ষৰ। স্বাধীনতাৰ যুঁজতো তেওঁ আছিল অগ্ৰগামী।

‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’। এয়াই আছিল নৱপ্ৰজন্মৰ প্ৰতি তেওঁৰ আহ্বান। সময় আৰু পৰিৱেশ-পৰিস্থিতিৰ সৈতে কেনেকৈ চলিব লাগে, সেই সন্দৰ্ভতে আগবঢ়াইছিল উক্ত বাণী। যি বাণী আজিও প্ৰাসংগিক। যুগে যুগে অসম আৰু অসমীয়াক খোৰাক জগাব পৰা শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

দুখৰ কথা যে, এইগৰাকী মহান শিল্পীয়ে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি মাত্ৰ ৪৮ বছৰ বয়সতে ত্যাগ কৰে জীৱনৰ শেষ নিশ্বাস। সেয়ে তেখেতৰ পবিত্ৰ মৃত্যু তিথিটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব 'শিল্পী দিৱস'।

উল্লেখ্য যে ১৯৫১ চনৰ আজিৰ দিনটোতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমবাসীক কন্দুৱাই মেলানি মাগিছিল জীৱন নাটৰ। তথাপি শিল্পী তুমি তিনিও কালৰ। অতীতৰ, বৰ্তমানৰ আৰু ভৱিষ্যতৰ।

আজি শিল্পী দিৱস
মংগলদৈত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিবেশনঃ স্বাস্থ্য শিবিৰৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in