
তেজপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ৰাজপথত ছুৰিকাঘাত।
আক্ৰমণৰ সন্মুখীন হোৱা ছাত্ৰীগৰাকী অসমীয়া বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী।
সদৌ অসম ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ পাছতে সংঘটিত হয় এই ঘটনা।
সন্ধিয়াৰ ভাগত সংঘটিত হৈছে এই ঘটনা।
চাইকেলত অহা এজন দুৰ্বৃত্তই ছাত্ৰীগৰাকীক ৰাজপথতে ছুৰিৰে আক্ৰমণ কৰে।
ছাত্ৰীগৰাকীৰ ভাষ্য অনুসৰি দুৰ্বৃত্তই কেইবাবাৰো ছুৰিৰে তেওঁৰ হাতত আক্ৰমণ কৰিছিল।
দুৰ্বৃত্তটোৱে পৰিধান কৰি আহিছিল মাস্ক।
তেজপুৰৰ ঘৰপৰা চুবুৰীত সংঘটিত হৈছে এই ঘটনা।
বেদেতীৰ ছাত্ৰীগৰাকীয়ে ঘৰপৰা চুবুৰীৰ এটা ভাড়াঘৰত বাস কৰে ছাত্ৰীগৰাকী।
আহত ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি।
কিন্তু কিয় এই ছাত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।