দিকৰাই চাহবাগিছাৰ আহুৱাৰীত দণ্ড নাট গীতৰ প্ৰতিযোগিতাৰ আয়োজন

দিকৰাই চাহবাগিছাৰ আহুৱাৰীত দণ্ড নাট গীতৰ প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ দিকৰাই চাহবাগিছাৰ আহুবাৰীত শনিবাৰে বিয়লিৰ পৰা ওৰেটো নিশা অনুষ্ঠিত হয় দণ্ড নাট আৰু গীতৰ প্ৰতিযোগিতা ৷ দিকৰাই (আহুবাৰী)চাহবাগিছা দণ্ড পূজা সমিতিৰ উদ্যোগত চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ সহযোগত আয়োজিত পৱন তাচা আৰু দিপক মল্লিক সোঁৱৰনী দ্বিতীয় বাৰ্ষিক দণ্ড নাট গীতৰ প্ৰতিযোগিতাখনিত বিভিন্ন প্ৰান্তৰ ২৬ টাকৈ দলে অংশগ্ৰহণ কৰে ৷

দিকৰাই আহুবাৰী স্বৰস্বতী মন্দিৰ প্ৰাংগনত নগাঁও জিলাৰ সুদক্ষ বিচাৰককলৈ আয়োজিত প্ৰতিযোগতাখনি শুভ উদ্বোধন কৰে নদুৱাৰ (চতিয়া) সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে যুৱ লেখক, সাহিত্যিক তথা শোণিতপুৰ জিলা বিজেপিৰ উপ সভাপতি লক্ষীকান্ত বৰা আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ শোনিতপুৰ জিলাৰ সভাপতি চুৰেশ চাহুকে ধৰি গন্য মান্য ব্যক্তিয়ে ৷

প্ৰতিযোগিতাৰ মঞ্চত পৰিবেশন কৰা আদিবাসী গীত নৃত্য আৰু দণ্ড নাট প্ৰদৰ্শনে হেজাৰ হেজাৰ আদিবাসী চাহজনগোষ্ঠীয় ৰাইজৰ মন জয় কৰে ৷

দিকৰাই চাহবাগিছাৰ আহুৱাৰীত দণ্ড নাট গীতৰ প্ৰতিযোগিতাৰ আয়োজন
তিতাবৰত গৌৰৱ গগৈক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in