তিতাবৰত গৌৰৱ গগৈক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ

গৌৰৱ গগৈ তিতাবৰত একোৱেই ফেক্টৰ নহয়। গৌৰৱ গগৈয়ে যোৱা আঢ়ৈটা বছৰে কংগ্ৰেছ কৰ্মীসকলৰ ফোনকে ৰিচিভ নকৰেঃ দিগন্ত কলিতা
তিতাবৰত গৌৰৱ গগৈক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ

ডিজিটেল সংবাদ, বেকাজান : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ প্ৰান্তে প্ৰান্তে উপস্থিত হৈ ৰাইজৰ সৈতে মতবিনিময় কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। লগতে সমষ্টিটোত বিজেপিৰ প্ৰতিটো বুথৰ কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হৈ আগন্তুক নিৰ্বাচনত অধিক উদ্যমেৰে কাম কৰি যাবলৈ উৎসাহিত কৰে।

বিজেপিৰ প্ৰতি জনসমৰ্থন আৰু উন্নয়ণৰ স্বাৰ্থত তিতাবৰ সমষ্টিৰ ৰাইজে প্ৰকাশ কৰা আগ্ৰহ দেখি আনন্দিত হৈ পৰাৰ লগতে এইবাৰ তিতাবৰত বিজেপিয়ে এক জোকাৰণিৰ সৃষ্টি কৰিব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিধায়ক দিগন্ত কলিতাই কয়- 'এতিয়ালৈকে তিতাবৰত বিজেপিৰ বাদে কোনো ৰাজনৈতিক দলৰ একেবাৰে তৎপৰতা নাই।

ই ইয়াকে প্ৰমান কৰে যে এইবাৰ তিতাবৰ সমষ্টিৰ পৰা বিজেপিয়ে এটা খুব ভাল ফলাফল লাভ কৰিব। গৌৰৱ গগৈ তিতাবৰত একোৱেই ফেক্টৰ নহয়। গৌৰৱ গগৈয়ে যোৱা আঢ়ৈটা বছৰে কংগ্ৰেছ কৰ্মীসকলৰ ফোনকে ৰিচিভ নকৰে। যিজন ব্যক্তিয়ে আঢ়ৈ বছৰে নিজৰ দলৰ কৰ্মীৰ ফোনকে ৰিচিভ নকৰে তেওঁৰ বাবে যোৰহাট কেনেকৈ আপোন হ'ব। সেয়ে বিজেপি জিকাটো নিশ্চিত আৰু যোৰহাটত মনোনয়ন দাখিলৰ দিনাই স্পষ্ট হ'ব প্ৰকৃততে বিজেপি কিমান ভোটত জয়লাভ কৰিব।"

অসমৰ ৰাইজে উন্নয়ণৰ স্বাৰ্থত চিন্তা কৰিছে। নৰেন্দ্ৰ মোদীয়ে ১০ বছৰীয়া উন্নয়ণৰ ধাৰা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটৰ প্ৰতি থকা বিশেষ মৰমে যোৰহাটখনক অধিক উন্নয়ণমুখী কৰিব আৰু ভৱিষ্যতে যোৰহাট অসমৰ দ্বিতীয় ৰাজধানী হ'বলৈ গৈ আছে। সেয়ে যোৰহাট লোকসভা সমষ্টিত খুব লাভ ফলাফল হোৱাটো নিশ্চিত বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক দিগন্ত কলিতাই।

উল্লেখ্য যে বিধায়কগৰাকীৰ শেহতীয়া পদক্ষেপে তিতাবৰৰ যুৱ শক্তিক অধিক উৎসাহিত কৰি তুলিছে বুলি জানিব পৰা গৈছে।

তিতাবৰত গৌৰৱ গগৈক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ
পঞ্চভূতত বিলীন হ'ল নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ নশ্বৰদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in