/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c4d3ee53-9e9e-41be-b877-2956c9a71c51/271.jpg)
ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰ ভ্ৰমণকালত ভালেকেইটা মধুৰ মুহূৰ্তৰ সাক্ষী হৈ ৰয়। শ্যাম গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী ভাস্কৰ শ্যাম গোহাঁইৰ বাসগৃহত কিছু ধুনীয়া সময় অতিবাহিত কৰে।
ইয়াৰোপৰি একাংশ শুভাকাঙ্খীৰ সৈতে আহৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰাতঃ ভ্ৰমণতো অংশ লয়। বিজেপিৰ গাঁও চলো কাৰ্যসূচীৰ অংশস্বৰূপে সৰুপথাৰ ৰজাপুখুৰী লৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে একাধিক চৰকাৰী কাৰ্যসূচীতো অংশ লয়।
এই ভ্ৰমণকালতে মুখ্যমন্ত্ৰীগৰাকীয়ে জুনিয়ৰ মিছ ইণ্ডিয়া ২০২৪ খিতাপেৰে সন্মানিত সৰুপথাৰৰ সংযুক্তা শ্যামক অভিনন্দন জ্ঞাপন কৰে। কণমানি সংযুক্তা শ্যামৰ বুদ্ধিমত্তা আৰু প্ৰতিভাই মুখ্যমন্ত্ৰী ড০ শৰ্মাক আপ্লুত কৰা বুলি উল্লেখ কৰে ৷ আনহাতে ড০ শৰ্মাই জুনিয়ৰ মিছ ইণ্ডিয়া সংযুক্তা শ্যাম পিতৃ-মাতৃৰ শলাগ লয় ৷
Also Read: চৰাইদেউ চিংলোত বনৰীয়া হাতীৰ সন্ত্ৰাস : গুৰুতৰভাৱে আহত এজন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us