
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদৌ নাগশংকৰ মুকলি বিহুমেলা উপলক্ষে বৃহস্পতিবাৰে উলিওৱা বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুহিত কৰিলে নাগশংকৰবাসী ৰাইজক। সন্মুখত বিশাল গজৰাজক লৈ উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে ।
নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দিনৰ ১১বজাত উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ নাগশংকৰ অঞ্চল পৰিভ্ৰমণ কৰে । বিহু নৃত্য, আদিবাসী নৃত্য, মিচিং নৃত্য আৰু নেপালী নৃত্যও আছিল এই শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ।
বিভিন্ন জাতি জনগোষ্ঠী লোকৰ বসতিস্থল নাগশংকৰত বহাগৰ বতৰত সদৌ নাগশংকৰ মুকলি বিহুৰ উদোগত অনুষ্ঠিত হয় এই সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাই সমন্বয়ৰ বাৰ্তা আৰু অধিক শক্তিশালী কৰি তুলিছে ।
উল্লেখ্য যে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই । বিহুৰ বতৰত এনে শোভাযাত্ৰাই সকলোকে একতাৰ এনাজৰীয়ে বানেধোন সুদৃঢ় কৰাত সহায় কৰিব বুলিও উপস্থিত ৰাইজে আশা প্ৰকাশ কৰিছে ।