গহপুৰত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত : ব্যৰ্থ আৰক্ষী

গহপুৰত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত : ব্যৰ্থ আৰক্ষী

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অব্যাহত থকা গৰু চুৰি ঘটনাৰ মাজত শুকুৰবাৰে নিশা বৰঙাবাৰীৰ পৰা পুনৰ চুৰি হয় ৩টাকৈ গো ধন। মহকুমাটোৰ হেলেম আৰক্ষী থানাৰ অধীনস্থ ঘাঁহিগাঁও আৰক্ষী চকীৰ এলেকাধীন বৰঙাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত নৰেন বৰাৰ ঘৰৰ গোহালীৰ পৰা শুকুৰবাৰে নিশা চুৰি কৰি নিয়ে দুজনী গাই আৰু এটা গৰু পোৱালি।

শুকুৰবাৰে নিশা প্ৰায় ১ বজাত নৰেন বৰাৰ পৰিয়ালৰ লোক বাহিৰলৈ আহোতে গোহালীত গৰু নেদেখি গৰু তিনিটা চুৰি কৰি নিয়া বুলি তেওঁলোক নিশ্চিত হয়। ঘটনাৰ খবৰ পোৱাৰ পিছত শনিবাৰে পুৱা ঘাঁহিগাঁও আৰক্ষী নৰেন বৰাৰ বাসগৃহত উপস্থিত হৈ নিয়মমাফিকভাৱে ঘটনাৰ বুজ লোৱাৰ বাহিৰে চোৰৰ একো শুংসুত্ৰ উলিয়াব পৰা নাই।

উল্লেখযোগ্য যে, বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ককিলাগুৰী,ককিলা চাৰিআলি, খাৰণীজান, বড়িগাঁওকে ধৰি বিভিন্ন গাঁৱত যোৱা ১৫/২০ দিনৰ পৰা অব্যাহত থকা গৰু চুৰি ঘটনাই এতিয়া টোপনি হৰিছে গো পালকসকলৰ। গহপুৰ আৰক্ষীৰ ব্যৰ্থতাৰ বাবে ক্ৰমান্বয়ে বৃদ্ধি পোৱা গৰু চুৰি ঘটনাৰ বাবে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে একাধিক গাঁও আৰু চুবুৰীত।

জানিব পৰামতে, যোৱা কেইদিনমানৰ ভিতৰত চুৰি হৈছে প্ৰায় ১৫ টাকৈ গো ধন। স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, ককিলাগুৰিৰ ৰাজেন বৰাৰ এজনী জাৰ্ছী গাই, বুলু বৰুৱাৰ এজনী জাৰ্ছী গাই,বীনা দেৱীৰ এজনী চেউৰি আৰু বেথাৰাম গগৈৰ পোৱালী সহ এজনী গাই চুৰি হয়। বড়ি গাঁৱৰ ৰাজু দাসৰ ৩ জনী জাৰ্ছী গাই, ককিলা চাৰিআলিৰ যজ্ঞেশ্বৰ বৰাৰ ৩টা গৰু আৰু ডুবিয়াৰ বাবুল চায়েংগীয়াৰ ঘৰৰ পৰা দুহাল গৰু চোৰ হৈছে।

খাৰনীজানৰ এঘৰ লোকৰ ঘৰৰ পৰাও চুৰি হৈছে এটা গৰু।গো পালক সকল গৰু চোৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে নিৰাপত্তা দিব পৰা নাই গো পালকসকলক। কেৱল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ লোকৰ ঘৰৰ গোহালীৰ পৰা এনেদৰে সঘনাই গৰু চুৰি হৈ থকা কাৰ্য্যই মুখ্যমন্ত্ৰী হিমন্তৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ বাৰুকৈয়ে উন্মোচিত কৰিছে। কেৱল গৰু চোৰেই নহয়। নামঘৰ আৰু মন্দিৰ চুৰি ঘটনাইও এতিয়া নিদ্ৰা হৰিছে ৰাইজৰ।

গহপুৰত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত : ব্যৰ্থ আৰক্ষী
মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ আনুষ্ঠানিক দায়িত্ব অৰ্পণ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in