
ডিজিটেল সংবাদ, ছয়দুৱাৰঃ অসমৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি অহা গো-ধনৰ অবাধ বেহা বন্ধ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও মুখ্যমন্ত্ৰীৰ এই কঠোৰ পদক্ষেপক তিলমানো কেৰেপ কৰা নাই গহপুৰ মহকুমাৰ অন্তৰ্গত গহপুৰ পৌৰসভাৰ অধীনত পৰিচালিত হৈ অহা গহপুৰ সাপ্তাহিক বজাৰৰ মহলদাৰ হলিৰাম দাস আৰু বিভাগীয় কতৃপক্ষই। অসম আৰক্ষীৰ কঠোৰ পদক্ষেপৰ বাবে ট্ৰাকৰ সহায়ত গো-ধনৰ সৰবৰাহ প্ৰায় বন্ধ হৈ পৰিছে যদিও গহপুৰ সাপ্তাহিক বজাৰৰ পৰা প্ৰতি দেওবাৰে যি হাৰত গো-ধন সমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে খোজকঢ়াই নিয়া হয় সেই দৃশ্যই গোধনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ প্ৰাসংগিকতা ধুলিসাৎ কৰি তুলিছে।
উল্লেখযোগ্য যে, সপ্তাহৰ প্ৰতি দেওবাৰে বহা গহপুৰ সাপ্তাহিক বজাৰখন উত্তৰ অসমৰ ভিতৰতে এখন বৃহৎ সাপ্তাহিক বজাৰ। বিগত দিনসমূহত এই সাপ্তাহিক বজাৰখন আছিল গৰু ছিণ্ডিকেটৰ এক নিৰাপদ ঘাটি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চৰকাৰ গঠন হোৱাৰ পিছত চৰকাৰখনে গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলশ্ৰুতিত গহপুৰ সাপ্তাহিক বজাৰ গৰুৰ ছিণ্ডিকেট সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল যদিও যোৱা ৮/৯ মাহ ধৰি বজাৰখনত চলি থকা গৰুৰ ছিণ্ডিকেতে গহপুৰ মহকুমাৰ সুস্থ পৰিৱেশ বিষময় কৰি তুলিছে।
বাঘমাৰী, চতিয়া, বিশ্বনাথ ঘাট, জামুগুৰীকে ধৰি বিভিন্ন ঠাইৰ আফটাব হুছেইন, ইনামুল হক, দিলবৰ হক, জাকিৰ হুছেইন, চৰবত আলী, চহৰ আলী, জাকিৰ আনছাৰী, কুদুছ শ্বেখ, চুলতান আলী, জুনু আলী, নুৰ আলীকে ধৰি শতাধিক মুছলমান সম্প্ৰদায়ৰ গৰু বেপাৰীয়ে উক্ত গহপুৰ সাপ্তাহিক বজাৰৰ পৰা প্ৰতি সপ্তাহত ১৫০০ৰ পৰা ২০০০ গৰু ক্ৰয় কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে খোজকঢ়াই লৈ যায়। সম্পূৰ্ণ আইন বিৰোধী ভাবে ভোকে-পিয়াহে প্ৰায় ৯০/১০০ কিলোমিটাৰ খোজকঢ়াই নিয়াৰ পিছত জামুগুৰীহাটৰ দক্ষিণাঞ্চলৰ লালটাপু, গতাইমাৰি, ভৰলুচাপৰি, জামুগুৰী চাপৰি, দীঘলী চাপৰি আদিত ৰখাৰ পিছত সপ্তাহৰ বৃহস্পতিবাৰে তেজপুৰৰ সমীপৰ পাঁচমাইল সাপ্তাহিক বজাৰলৈ লৈ যায় গৰু সমূহ।
জানিব পৰা মতে এই পাঁচমাইল সাপ্তাহিক বজাৰৰ পৰা গৰু সমূহ বিভিন্ন ঠাইলৈ বিভিন্ন পদ্ধতিৰে সৰবৰাহ হয়। নদীৰ বুকুৱেদীয়ো বিভিন্ন ঠাইলৈ চোৰাংকৈ সৰবৰাহ হয় গৰু সমূহ। উল্লেখযোগ্য যে, গহপুৰ সাপ্তাহিক বজাৰৰ পৰা এমাহত প্ৰায় ছয় হাজাৰৰ পৰা দহ হাজাৰ গৰু পাঁচমাইল বজাৰলৈ সৰবৰাহ হয় বুলি তথ্য পোৱা গৈছে। গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে গৰুসমূহ ভোকে পিয়াহে খোজকঢ়াই নিওঁতে যি ধৰণে মাৰপিট কৰি নিয়ে সেই দৃশ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে সচেতন ৰাইজৰ মাজত।
ভাগৰত পথৰ ওপৰত শুই দিয়া গৰুৰ তপিনাত অতি নিৰ্দয় ভাবে কাঁইট ভৰাই দিয়া দৃশ্যও পৰিলক্ষিত হৈ আহিছে। অতি নিদাৰুণ ভাবে শাস্তি দি প্ৰায় ৯০/১০০ কিলোমিটাৰ দূৰত্ব খোজকঢ়াই নিয়া এই গৰু বজাৰৰ পৰা মহলদাৰ আৰু তাত জড়িত সকলো পক্ষই যথেষ্ট মুনাফা লুটি আহিছে যদিও এই গো ধন সমূহে পাই অহা শাস্তিৰ ভাগৰ অংশীদাৰ তেওঁলোকো যে হ'ব লাগিব সেয়া কিন্তু নিশ্চিত।
আনহাতে গহপুৰ পৌৰসভা কাৰ্যালয়ে গহপুৰ সাপ্তাহিক বজাৰৰ বিপৰীতে মহলদাৰ হলিৰাম দাসৰ নামত মঞ্জুৰ কৰা জন্তু বিক্ৰীৰ খাজনা ৰছিদত উল্লেখ থকা খাজনাৰ পৰিমাণতকৈ দুগুণ বেছিকৈ খাজনা লৈ আহিছে মহলদাৰ হলিৰাম দাসে। তথ্য অনুসৰি-৩৫০১ টকাৰ ওপৰত বিক্ৰী হোৱা এটা গৰুৰ বাবদ খাজনা ল'ব লাগে ২২০ টকাকৈ। কিন্তু অভিযোগ পোৱা মতে হলিৰাম দাসে তেনে গৰুৰ বাবদ সংগ্ৰহ কৰি আহিছে ৪৫০ টকাকৈ। এইবিষয়ে আজি সাংবাদিকৰ ভিডিঅ কেমেৰাৰ আগত মুকলিকৈ মন্তব্য কৰিছে কেইবাজনো গৰু বেপাৰীয়ে।
উল্লেখযোগ্য যে-মুছলমান বেপাৰীসকলে সৰবৰাহ কৰা প্ৰতিটো গৰুৰ মল্য ৩৫০১ টকাৰ ওপৰত। সেই হিচাপত মহলদাৰ হলিৰাম দাস আৰু সংশ্লিষ্ট কতৃপক্ষই এটা সপ্তাহত ৩,৫০,০০০ ৰ পৰা ৪,৫০,০০০ টকা গৰুৰ খাজনাৰ নামত অবৈধ ভাবে আহৰণ কৰি আহিছে। লক্ষণীয় কথা এয়ে যে খাজনা ৰছিদত গৰু কিনোতা, বেচোতা আৰু সাক্ষীৰ সম্পূৰ্ণ ঠিকনা লিখাটো বাধ্যতামূলক যদিও গহপুৰ সাপ্তাহিক বজাৰৰ গৰুৰ খাজনা ৰছিদত নিলিখে কিনোতা, বেচোতা আৰু সাক্ষীৰ সম্পূৰ্ণ ঠিকনা। খাজনা ৰছিদত এনেদৰে অসম্পূৰ্ণকৈ ঠিকনা লিখা ব্যৱস্থাই বজাৰখনত গৰু বেপাৰৰ নামত চলি অহা দুই নম্বৰী কাৰবাৰৰ দিশটো উন্মোচিত কৰি তুলিছে।
আকৌ এনেদৰে সৰবৰাহ কৰা প্ৰতিটো গো-ধনৰ লগত স্থানীয় পশু চিকিৎসা বিভাগে দিয়া ভেটেনেৰী চাৰ্টিফিকেট থকাটো বাধ্যতামূলক যদিও কিন্তু তেনেধৰণৰ চাৰ্টিফিকেট দেখুৱাব নোৱাৰে এজনো গৰু বেপাৰীয়ে। আলী, আহমেদ, হুছেইন, হক, আনচাৰী, শ্বেখ উপাধীধাৰী গৰু বেপাৰীৰ পৃষ্ঠপোষকতা গঢ় লৈ উঠা গহপুৰ সাপ্তাহিক বজাৰৰ গৰুৰ এই বৃহৎ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপ কামনা কৰিছে গহপুৰৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে।