বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া ৫নং গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ উঠিছে বিজেপি নেতাৰ বিৰুদ্ধে। চতিয়া ৫নং গাঁও পঞ্চায়তৰ অধীনত থকা ভেলেউগুৰি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মাটি পেলোৱাৰ নামত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

অভিযোগ অনুসৰি স্বাস্থ্যকেন্দ্ৰখনত মাটি পেলোৱাৰ নামত আৱন্টন কৰা হৈছিল প্ৰায় ৫ লাখ টকা। কিন্তু এই প্ৰকল্পটোৰ দায়িত্বত থকা বিজেপি নেতা লাচিত পাটৰে প্ৰকল্পটোৰ বিষয়ে ফলক ব্যৱহাৰ নকৰাৰ বাবে প্ৰকৃত খৰচৰ বিষয়ে অৱগত নহয় স্থানীয় ৰাইজ। বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অতি আপোন বুলি দাবী কৰা লাচিত পাটৰে চতিয়া জিলা পৰিষদৰ পুঁজিৰ পৰা টকাখিনি লৈ মাত্ৰ ৩ গাড়ী মাটি পেলাইয়ে সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

এনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ বিষয় সন্দৰ্ভত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ হস্তক্ষেপৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Also Read: কণ্ঠশিল্পী সংস্কৃতা মালাকাৰলৈ অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা

BJP ASSAM