/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cb4ca24d-0415-4a23-ac3a-559f4197a424/Z1.jpg)
ডিজিটেল সংবাদ, দৌলাশাল: অসমৰ এটি অন্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ প্ৰভাতে বিগত ৮টা বছৰৰ দৰে এইবেলিও প্ৰদান কৰিছে কেইবাটাও শিতানত বঁটা। ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত ব্যক্তিক প্ৰদান কৰা হৈছে এই বঁটাসমূহ। অসম অনুসূচিত জাতি প্ৰাণ বঁটা, অসম অনুসূচিত জাতি গৌৰৱ বঁটা, অসম অনুসূচিত জাতি শিল্পী বঁটা, অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা প্ৰদান কৰিছে সংগঠনটোৱে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/104fd039-1939-4dd6-b5a7-f9ee0bb89c9d/a187486e_8ceb_4007_abd1_230d6610dc81.jpg)
অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটাৰ বাবে নিৰ্বাচিত হৈছিল যুৱ সংগীত শিল্পী সংস্কৃতা মালাকাৰ আৰু যুৱ অভিনেতা তথা নাট্যকাৰ বিজিত কুমাৰ দাস। শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে এই বঁটা গ্ৰহণ কৰে যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী সংস্কৃতা মালাকাৰে। অসমৰ মহামহিম ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াৰ হাতৰ পৰা সংস্কৃতা মালাকাৰে এই বঁটা গ্ৰহণ কৰে। বঁটা গ্ৰহণৰ মুহূৰ্তত মঞ্চত উপস্থিত থাকে প্ৰথিতযশা কণ্ঠশিল্পী মণিষা হাজৰিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/68625fe1-cda5-4a39-a116-29a2cf767006/f7ee52fd_57ea_4566_aa4f_043d4d6b4b33.jpg)
কণ্ঠশিল্পী সংস্কৃতা মালাকাৰে এই বঁটা লাভ কৰাত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে যুৱ প্ৰজন্মৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী সংস্কৃতা মালাকাৰলৈ। বিশিষ্ট কবি- সাহিত্যিক তথা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা গোবিন্দ মালাকাৰৰ কন্যা সংস্কৃতা মালাকাৰৰ এই সফলতাত অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে অসমৰ অন্যতম সাহিত্য- সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমে। বিৰিণা গোষ্ঠী-অসমৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানে সংস্কৃতা মালাকাৰলৈ অভিনন্দন জ্ঞাপন কৰি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
ইয়াৰ উপৰিও ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক পি.জে প্ৰিন্স, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, চেঙা ঐক্য সন্মিলনৰ সম্পাদক চিন্ময় ডেকা, চেঙা উদীয়মান যুৱ সংঘৰ সভাপতি মইদুল ইছলামকে ধৰি বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে সংস্কৃতা মালাকাৰক শুভেচ্ছা জ্ঞাপন কৰে।
উক্ত বঁটা গ্ৰহণ কৰি কণ্ঠশিল্পী সংস্কৃতা মালাকাৰে সুখ অনুভৱ কৰি কয় যে - "এয়া মোৰ জীৱনত লাভ কৰা প্ৰথমটো বঁটা। এই বঁটা লাভ কৰি সুখ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ মহামহিম ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়া ছাৰৰ পৰা এই বঁটা গ্ৰহণ কৰটো মোৰ বাবে এটি সুন্দৰ স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব। মোৰ এই প্ৰাপ্তিৰ বাবে মোৰ পৰিয়ালৰ লগতে শুভাকাংক্ষীসকলৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। এই বঁটাটি মই মোৰ শুভাকাংক্ষীসকলৰ হাতত উচৰ্গা কৰিছোঁ। এই বঁটাটিয়ে মোক আগুৱাই যাবলৈ সাহস দিছে আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিছে। গতিকে এই বঁটাটি মোৰ বাবে অমূল্য সম্পদ হৈ ৰ'ব"।
নৱ প্ৰভাত আৰু নৱ প্ৰভাত ইন্সটিটিউট অৱ ফেশ্বন টেকন'লজীৰ সমূহ কৰ্ম-কৰ্তালৈও ধন্যবাদ জ্ঞাপন কৰি সকলোৰে পৰা আশীৰ্বাদ কামনা কৰে সংস্কৃতা মালাকাৰে। নৱ প্ৰভাত আৰু নৱ প্ৰভাত ইন্সটিটিউট অৱ ফেশ্বন টেকন'লজীৰ উদ্যোগত যোৱা ৭ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা "এন্ধাৰৰ পৰা পোহৰলৈ বুলি" শীৰ্ষক অনুষ্ঠানত সংস্কৃতা মালাকাৰক প্ৰদান কৰা হৈছে এই বঁটা ।
Also Read: বিপিএফত যোগদানৰ ইংগিতেৰে তামুলপুৰৰ প্ৰাক্তন বিধায়কৰ বিজেপি ত্যাগ