কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সভাপতি ভূপেন বৰাই...

কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সভাপতি ভূপেন বৰাই...

ডিজিটেল সংবাদ,ছয়দুৱাৰ : শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বৃহস্পতিবাৰে গহপুৰৰ বালিজানত উপস্থিত হৈ বৰাই কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

গহপুৰ বিধানসভা সমষ্টিৰ পূব ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বালিজানৰ চুকাফা ভৱনত নিৰ্বাচনী প্ৰচাৰ সভাখন অনুষ্ঠিত কৰা হয়। নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি ভূপেন কুমাৰ বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰলোভন আৰু ফাঁকিৰ ৰাজনীতি কৰি অসমৰ ৰাইজক ৰামঠগন দি আহিছে।

অসমৰ ৬ জনগোষ্ঠীক ১০০ দিনৰ ভিতৰত জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ,ছোৱালীৰ বিয়াত এটোলাকৈ সোণ দিম বুলি কৰা ঘোষণা, আকাশলংঘী মূল্যবৃদ্ধি, অংগনবাড়ী কৰ্মী-সহায়িকাৰ আন্দোলন, কৰ্মচাৰীৰ পুৰণি পেঞ্চন নীতি, বান-গৰাখহনীয়াৰ সমস্যা, ১০ লাখ নতুনকৈ নিবনুৱা যুৱক-যুৱতী বৃদ্ধি পোৱা আদি বিষয়বোৰ তল পেলাই মুখ্যমন্ত্ৰী শৰ্মাই এতিয়া কিছুমান বাৰে ভচহু কথা আৰু নাচি বাগি অসমৰ ৰাইজৰ মন জয় কৰাৰ প্ৰচেষ্টা চলাইছে বুলি ভূপেন বৰাই মন্তব্য কৰে।

১২০০ টকাৰ অৰুণোদয় আৰু ৫ কেজিকৈ চাউল দি অসমীয়া জাতিক জীয়াই ৰাখিব বিচৰা হিমন্ত বিশ্ব শৰ্মাই উক্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু সমূহ তল পেলাই যেনেদৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰি আহিছে ইয়াৰ উচিত জবাব এইবাৰৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে দিব বুলি উল্লেখ কৰে। লগতে বৰাই কয় যে কংগ্ৰেছ দলত থাকোতে তৰুণ গগৈক বিশ্বাসঘাতকতা কৰা হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ গৈ সৰ্বানন্দ সোণোৱালক লেং মাৰি সাগৰৰ পাৰত পেলাই দিলে। এনে এগৰাকী বিশ্বাসঘাটক নেতাক যোগ্য প্ৰতুত্যৰ দিবলৈ অসমৰ ৰাইজ এতিয়া সংকল্পবদ্ধ হোৱা বুলি উল্লেখ কৰে।

কংগ্ৰেছৰ গহপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী সমিতিৰ সভাপতি হেমন্ত বিজয় মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ভূপেন কুমাৰ বৰাই আৰু কয় যে জাতিক স্বাবলম্বী কৰিবলৈ ২০০ খন মদৰ দোকানৰ নতুনকৈ লাইচেঞ্চ দিয়া এইখন বিজেপি চৰকাৰৰ পৰা ৰাইজে কি আশা কৰিব পাৰে সেয়া সহজেই অনুমেয়। বৃটিছে যেনেকৈ কানি খুৱাইছিল ঠিক তেনেকৈ এইখন চৰকাৰে মদ খুৱাই জাতিক জীয়াই ৰাখিব বিচাৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰাই আঁত ধৰা সভাখনত ভূপেন কুমাৰ বৰাই কয় যে, কংগ্ৰেছ শাসনলৈ আহিলে প্ৰথমে "ন-লখিমী" নামেৰে এখন আঁচনি ৰূপায়ণ কৰি প্ৰতিমাহৰ ৯তাৰিখে ২৫০০ টকাকৈ প্ৰতিগৰাকী গৃহিণীক একাউন্টযোগে দিয়া হ'ব। তদুপৰি প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০০ টকা কৰা, প্ৰতিটো পৰিয়ালক ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ দিয়া,৩০ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে।

হিমন্ত বিশ্ব শৰ্মাই দল বাগৰাৰ দৰে তেওঁ কেতিয়াও দল নাবাগৰে বুলি উল্লেখ কৰে। দল বাগৰা নেতাক অসমৰ যুৱ প্ৰজন্মই কেতিয়াও বিশ্বাস নকৰে বুলিও তেঁও কয়।

সমষ্টিটোৰ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনত ভূপেন কুমাৰ বৰাই কয় যে, ৰিপুন বৰাই কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত গহপুৰত কংগ্ৰেছ দলটোৰ ভেটি ধৰি ৰাখিবলৈ আগবাঢ়ি অহা ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তৰ আন্তৰিক পদক্ষেপ নিত্যান্তই প্ৰশংসনীয়। চাকৰি জীৱনৰ অৱসৰৰ পিছত সেৱাৰ মনোভাৱেৰে এটা সমৰ্পিত মন লৈ কংগ্ৰেছ দলৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা হেমন্ত বিজয় মহন্তৰ সাংগঠনিক কাম কাজৰ শলাগ লয়।

সভাখনত শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে জাতি ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ দলত ভোট দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। ধনৰ জোৰ নথকা এগৰাকী প্ৰাৰ্থী হিচাপে তেওঁক সমষ্টিটোৰ ৰাইজে যেনেদৰে মৰম যাঁচিছে সেই মৰমত তেওঁ অভিভূত হৈ পৰা বুলি উল্লেখ কৰে।

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলিপ কুমাৰ বৰাইয়ো ভাষণ প্ৰদান কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰাম কুমাৰ প্ৰধানে।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সভাপতি ভূপেন বৰাই...
বিধায়ক ৰূপক শৰ্মাক লগত লৈ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in