/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/411d2907-f271-4fb8-a3bb-ee6bb703983c/44.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ : সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে তুংগত উঠিছে ৯ নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। অন্যান্য ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে সংসদীয় সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই বিধায়ক ৰূপক শৰ্মাৰ সৈতে বৃহস্পতিবাৰেও ব্যস্ত থাকে নিৰ্বাচনী প্ৰচাৰত।
ভোটাই-পাঠৰী মণ্ডলৰ সভাপতি পদ্মকান্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাসমূহৰ মাজতে ঠাই বিশেষে ৰাইজে বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে।তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাৰ সংকল্প লৈ ভোটাৰৰ কাষলৈ যোৱা বিধায়কসহ প্ৰাৰ্থী সুৰেশ বৰাই নিৰ্বাচনত বিজয়ী হ'লে ৰাইজৰ অভাৱ-অভিযোগ, সমস্যাসমূহ দূৰীকৰণৰ আশ্বাস দিয়ে।
সমষ্টিটোৰ অন্তৰ্গত গোমোঠা গাঁও, কমাৰগাঁও, বিৰহীগাঁও, সোনাৰীগাঁও, পৰুৱা গাঁও, অৰ্জুনতল আদি স্থানকে ধৰি ভিন্ন স্থানত প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়।
Also Read: নাহৰকটীয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us