বিশ্বনাথত কংগ্ৰেছ দলৰ বৃহৎ খহনীয়া

একালৰ মহাপ্ৰতাপী মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নুৰজামাল সৰকাৰৰ গৃহ পঞ্চায়তত কংগ্ৰেছ দলৰ বৃহৎ খহনীয়া।

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত কংগ্ৰেছ দলৰ বৃহৎ খহনীয়া

ডিজিটেল সংবাদ, বিশ্বনাথঃ একালৰ মহাপ্ৰতাপী মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নুৰজামাল সৰকাৰৰ গৃহ পঞ্চায়তত কংগ্ৰেছ দলৰ বৃহৎ খহনীয়া। ফলত এতিয়া বিশ্বনাথৰ সংখ্যালঘু অধ্যুষিত এই অঞ্চলত কংগ্ৰেছ নি:শেষ হোৱাৰ পথত। দেওবাৰে বিশ্বনাথৰ ছোৱাগুৰীত অনুষ্ঠিত বিজেপিৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰাক্তন মন্ত্ৰী তথা বিশ্বনাথৰ প্ৰাক্তন বিধায়ক নুৰজামাল সৰকাৰৰ ভোটবেংক হিচাপে পৰিচিত এই ছোৱাগুৰীত কংগ্ৰেছ দলৰ পৰা অহা পাঁচ শতাধিক সদস্যই বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

Advertisment

উল্লেখ্য যে শনিবাৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা নুৰজামাল সৰকাৰক সাক্ষাৎ কৰাৰ পিছতে আজি এনেদৰে বৃহৎ সংখ্যক সংখ্যালঘু লোকে গেৰুৱা বসন পিন্ধা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

আজিৰ এই যোগদান কাৰ্যসূচীত কংগ্ৰেছৰ চাৰিটাকৈ পঞ্চায়তৰ প্ৰাক্তন সভাপতি, ব্লক কংগ্ৰেছৰ উপ-সভাপতি, ছফিউল্লা হক, দিলৱাৰ হুছেইন, ছায়ফুল খাতুন, আব্দুল মুতালিব, প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ ভতিজা মজিবুৰ ৰহমান সহ আমছুৰ প্ৰাক্তন জিলা সভাপতি মাহমাদুল হাচান,কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড সদস্য সহ প্ৰায় পাঁচ শতাধিক সংখ্যালঘু লোকৰ লগতে পানীভৰাল গাওঁ পঞ্চায়ত যুৱ নেতা বিজয় সাবকটাৰ নেতৃত্বত ২০গৰাকী লোক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। আজিৰ এই কাৰ্যসূচীত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ,অন্যান্য পিছ পৰা শ্ৰেণীৰ উপ সভাপতি ডাঃ ৰঞ্জন গগৈ আৰু জিলা বিজেপিৰ বিষয়া কাৰ্যকৰ্তা সকলৰ উপস্থিত থাকে।

Also Read: মঙলদৈত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

biswanath congress