মঙলদৈত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

মঙলদৈৰ অন্যতম ক্ৰীড়া -সামাজিক অনুষ্ঠান মঙলদৈ টাউন ক্লাবৰ উদ্যোগত তথা মঙলদৈ ডক্টৰ'ছ ক্লিনিকৰ সহযোগত দেওবাৰে শতাধিক লোকৰ তেজ আৰু বি এম ডি-ৰ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়।

author-image
Asomiya Pratidin
New Update
মঙলদৈত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ অন্যতম ক্ৰীড়া -সামাজিক অনুষ্ঠান মঙলদৈ টাউন ক্লাবৰ উদ্যোগত তথা মঙলদৈ ডক্টৰ'ছ ক্লিনিকৰ সহযোগত দেওবাৰে শতাধিক লোকৰ তেজ আৰু বি এম ডি-ৰ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়।

Advertisment

মঙলদৈ টাউন ক্লাব চৌহদত পুৱা ৯বজাত আৰম্ভ কৰা পৰীক্ষা শিবিৰ মুকলি কৰে ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক অনিল শৰ্মাই । টাউন ক্লাবৰ সম্পাদক হিৰেন ডেকাই আঁতধৰা অনুষ্ঠানত টাউন ক্লাবৰ প্ৰাক্তন বিষয়ববীয়া তথা জ্যেষ্ঠ নাগৰিক মোহন ডেকা, বিপুল ৰঞ্জন দে', ক্ষিৰোদ বৰুৱা আদিও উপস্থিত থাকে।

পৰীক্ষা শিবিৰটোত মঙলদৈৰ ডক্টৰ'ছ ক্লিনিকৰ হৈ মোজাম্মিল হক, বি এম ডি বিশেষজ্ঞ ৰাজীৱ বৰ্মন, লেবৰেটৰী টেকনিচীয়ান প্ৰাঞ্জল ডেকা, মোছাৰফ আলী আদিয়ে সেৱা আগবঢ়ায় ।

Also Read: 'কা’ বাতিলৰ দাবীত ধেমাজিত অনশন ধৰ্মঘট

Free health check-up mangoldoi