/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/bw06qgem/school-24.jpg)
পাঠদান এৰি প্ৰধান শিক্ষয়ত্ৰীৰ ঘৰলৈ আলু আনিব যাব লাগে শিক্ষকঃ শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ত চৰম অৰাজকতা
ডিজিটেল সংবাদ ধেমাজি: ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত শ্ৰীপানী গাওঁ পঞ্চায়তৰ অধীনৰ এখন ভিতৰোৱা গাঁৱত অৱস্থিত শান্তিপুৰ কোঁৱৰ গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী ৰিমা কোচে নিজ মইমতালিৰে বিদ্যালয় চলাই অহাৰ ঘটনাই অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে দীৰ্ঘদিন প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈ থকা অভিযোগৰ ভিত্তিত বুধবাৰে দুপৰীয়া ধেমাজিৰ পৰা যোৱা এটি সাংবাদিকৰ দলে বিদ্যালয়খনত উপস্থিত হোৱাৰ পাছতে এই অভিযোগৰ সত্য়তা পোহৰলৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/ozy4317h/511938bb-480f-4d72-8c20-586e6b2ac921.jpg)
সাংবাদিকৰ দলটোৰ আগত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে বিভিন্ন অভিযোগো উত্থাপন কৰে। তেওঁলোকে কয়, বিদ্যালয়খনত সময়মতে মধ্যাহ্ন ভোজন প্ৰদান কৰা নহয়। মধ্যাহ্ন ভোজনৰ সৈতে শিক্ষাৰ্থীসকলক এটাকৈ কণী দিব লাগে যদিও শিক্ষয়ত্ৰীগৰাকীয়ে এফালকৈহে খাবলৈ দিয়ে। কিন্তু ফটো মৰাৰ সময়ত এফাল কণী ।যাতে নেদেখে তাৰ ব্যৱস্থাও কৰি লয়।
উল্লেখ্য যে চলিত বছৰৰ আগষ্ট মাহতেই মাতৃকালীন ছয়মাহৰ ছুটী লোৱা প্ৰধান শিক্ষয়ত্ৰী ৰিমা কোচে নিয়ম অনুসৰি ছুটী লোৱাৰ লগে লগেই বিদ্যালয়খনৰ চৰকাৰী জ্যেষ্ঠ শিক্ষকজনক দায়িত্ব দিব লাগে যদিও কৌশলগতভাৱে তাকে নকৰি সুনীল বৰা নামৰ টিউটৰ শিক্ষকজনকহে নামত এই দায়িত্ব দিছে যদিও ঘৰৰ পৰাই সকলো নিজে নিয়ন্ত্ৰণ কৰি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/3bh0eglx/bfaf9619-9f8d-4a20-9e3c-dfa3ce031163.jpg)
ৰাইজে অভিযোগ কৰি কয় যে, শিক্ষয়ত্ৰী ৰিমা কোচে মইমতালিৰ চূড়ান্ত সীমা অতিক্ৰম কৰিছে। বিদ্যালয়খনত এনেকুৱা পৰিস্থিতিৰো সূচনা হৈছে যে, পাঠদান এৰি সহকাৰী শিক্ষকে তিনি, চাৰি কিলোমিটাৰ দূৰ অতিক্ৰম কৰি মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় দুই কেজি আলু আনিবলৈয়ো ৰিমা কোচৰ ঘৰলৈ যাব লাগে।
সাংবাদিকৰ আগতে ৰাইজে আন এক অভিযোগ কৰি কয় যে, তেওঁৰ এনে মইমতালিৰ কথা শিক্ষা বিভাগৰ বিষয়াক অৱগত কৰা হৈছে যদিও শিক্ষয়ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি মুখ বন্ধ কৰি ৰাখিছে। তেওঁ সম্পূৰ্ণৰূপে গুৰুত্বহীন কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰীগৰাকীকো।
আনহাতে দুৰ্গা পূজাৰ পিছৰে পৰা চৰকাৰে বিদ্যালয়লৈ চাউল নিদিয়াৰ অজুহাতেৰে ইতিমধ্যে মধ্যাহ্ন ভোজন খোৱাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বিৰত ৰখা হৈছে ৷ ১৯৬২ চনতে স্থাপিত হোৱা শান্তিপুৰ কোঁৱৰ গাঁৱৰ এই চৰকাৰী বিদ্যালয়খনত বৰ্তমানে পাঁচজন শিক্ষক আছে।
সাতাইশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে অনুমোদন হোৱা মধ্যাহ্ন ভোজন চাউল ক'লৈ যায়, কি কৰে বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকে এই সন্দৰ্ভত কোনো খবৰে নাপায় ৷ ইফালে শেহতীয়াকৈ দুৰ্গোৎসৱৰ পিছৰে পৰা এটা দিনো ছাত্ৰ -ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হোৱা নাই৷
এনে পৰিস্থিতিত সাংবাদিকক মাতি আনি এই অভিযোগ মুকলিকৈ উত্থাপন কৰাৰ পাছত এতিয়া শিক্ষয়ত্ৰী ৰিমা কোচৰ হাহাকাৰ লাগিছে। বুধবাৰে সন্ধিয়াই তেওঁ ছাত্ৰ -ছাত্ৰী আৰু অভিভাৱকৰ ঘৰে ঘৰে গৈ তেওঁৰ দুৰ্নীতিৰ কথা গোপনে ৰখাৰ অপচেষ্টাত লিপ্ত হৈছে বুলিও জানিব পৰা গৈছে।
Also Read: পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়লৈ NMC ৰ স্বীকৃতিঃ ২৬ অক্টোবৰত উদযাপন কৰিব এই সফলতাক...