কৃষি পাম সমবায়ত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

কৃষি পাম সমবায়ত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ দগাঁওস্থিত ৪৩ জনীয়া লোকৰে গঠিত দগাঁও কৃষি পাম সমবায় সমিতি। এই সমিতিৰ সভাপতি প্ৰদ্যুত হাজৰিকাৰ নেতৃত্বত ১৩ গৰাকী সদস্যৰ সৈতে লগ হৈ সমিতিখনত একনায়কত্বাবাদ চলাই অহা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

প্ৰতি বছৰে উক্ত সমবায় সমিতিৰ সভা ৰাজহুৱা নামঘৰত অনুষ্ঠিত কৰি আহিছিল।কিন্তু স্থানীয় লোকৰ মতে উক্ত সমবায়ৰ সভাপতি প্ৰদ্যুত হাজৰিকাই একনায়কত্ববাদ চলাই শনিবাৰে উক্ত সমবায়তে সভা অনুষ্ঠিত কৰিছিল। যাক লৈ স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। পৰিস্থিতি এনে পৰ্যায় পাই যে সভাপতি গৰাকীৰ সহযোগী আৰু স্থানীয় ৰাইজৰ মাজত মাৰপিটৰ সৃষ্টি হয়।

এই মাৰপিটৰ সময়ত উক্ত সমবায়ৰ সভাপতি গৰাকীও আহত হয় আৰু উত্তেজিত জনতাই সভা কক্ষত থকা চকী টেবুল ভাঙি পেলায়। বিশ্বনাথ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও এতিয়াও চেপা উত্তেজনা অব্যাহত আছে অঞ্চলটোত।

স্থানীয় লোকৰ মতে উক্ত সমবায়ৰ সভাপতি প্ৰদ্যুত হাজৰিকা এগৰাকী শিক্ষক তথা চৰকাৰী কৰ্মচাৰী যদিও ১৫ বছৰ ধৰি প্ৰদ্যুত হাজৰিকাই উক্ত সমবায় সমিতিখনৰ সভাপতিৰ চকীখন দখল কৰি একনায়কত্ববাদ চলাই আছে। কিন্তু উক্ত সমবায় সমিতিৰ সভাপতিৰ মতে উক্ত সমবায়খন পূৰ্বতে অচল অৱস্থাত আছিল। কিন্তু তেখেতে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে উক্ত সমবায়খন বহু ক্ষেত্ৰত উন্নয়নমূলক কাম-কাজ কৰি সাফল্য লাভ কৰাত এতিয়া কিছু সদস্যৰ সমবায়ৰ উন্নয়নত চকুত পৰিছে।

ক্ষমতাকেন্দ্ৰীক সংঘাতৰ বাবেই শনিবাৰে এই উত্তপ্ত পৰিস্থিতিৰ সৃস্থি হৈছে। আনফালে উক্ত সমবায়ৰ কেইবাগৰাকী সদস্যৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈছিল।যাৰ বাবে একাংশ সদস্যৰ পৰিয়ালৰ লোকে শনিবাৰে সভা চলি থকা সময়ত এনে পৰিৱেশৰ সৃষ্টি কৰে।

আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত বিশ্বনাথ আৰক্ষীয়ে সভাপতি গৰাকীক আটক কৰে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কেইবাগৰাকী লোক এই ঘটনাত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাবনা আছে।

কৃষি পাম সমবায়ত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট
ধনশিৰি মহকুমাত বৃদ্ধি পাইছে ডেংগুৰ প্ৰাদুৰ্ভাৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in