/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/19274677-f7db-472b-b9a8-799620eafb63/dengue.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে ডেংগুৰ প্ৰাদুৰ্ভাৱ। মহকুমা প্ৰশাসনৰ তথ্য অনুসৰি, বৰ্তমানলৈকে ডেংগু ৰোগত ৪৩ জন ৰোগী আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ বিশেষকৈ মহকুমাটোৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰ, নাওজান, উৰিয়ামঘাট, গেলাবিল আদি বিভিন্ন প্ৰান্তৰ বহুকেইজন লোক ডেংগুত আক্ৰান্ত হৈ সৰুপথাৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে।
উল্লেখ্য যে, বিগত আগষ্ট মাহত চুবুৰীয়া জিলা কাৰ্বি আংলঙত ডেংগুৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বৃদ্ধি পাইছিল। ইয়াৰ পাছতেই এতিয়া কাষৰীয়া ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত ডেংগু ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাব ধৰিছে।
উল্লেখ্যযোগ্য যে, ফ্লেবিভাইৰাজ নামৰ ভাইৰাছবিধ কঢ়িওৱা এডিছ প্ৰজাতিৰ এবিধ মহৰ কামোৰৰ দ্বাৰা শৰীৰত প্ৰৱেশ কৰাৰ ফলত তীব্ৰ গতিত জ্বৰ উঠাৰ লগতে আন আন বহুকেইটা লক্ষণে দেখা দিয়ে।
আনহাতে, দ্ৰুতগতিত বৃদ্ধি পোৱা এই ৰোগৰ ক্ষেত্ৰত সজাগতাৰ বাবে ধনশিৰি মহকুমা প্ৰশাসন তথা স্বাস্থ্য বিভাগে সজাগতাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাহে দেখা গৈছে ৷
ইফালে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই দ্ৰুতগতিত বৃদ্ধি পোৱা ডেংগু ৰোগৰ ক্ষেত্ৰত মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক গুৰুত্বসহাকাৰে সকলো দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে ৷
Also Read: 'দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূবে পাবলগীয়া গুৰুত্ব পোৱা নাই'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us