চাৰিগাঁও যুৱক সংঘৰ উদ্যোগত অভিনেতা দীপাংকৰ শইকীয়াৰ স্মৃতিত স্মৃতিচাৰণ সভা

চাৰিগাঁও যুৱক সংঘৰ উদ্যোগত অভিনেতা দীপাংকৰ শইকীয়াৰ স্মৃতিত স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ গেৰেকীচুকৰ চাৰিগাঁও যুৱক সংঘৰ উদ্যোগত মঙলবাৰে যুৱ সমাজকৰ্মী, সুদক্ষ অভিনেতা ভাওনা শিল্পী প্ৰয়াত দীপাংকৰ শইকীয়াৰ স্মৃতিত অনুষ্ঠিত হয় এক স্মৃতিচাৰণ সভা ৷ প্ৰয়াত সমাজকৰ্মীগৰাকীৰ বাসগৃহত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত অভিনেতাগৰাকীৰ জীৱন দৰ্শন তথা কৰ্মৰাজীৰ ওপৰত “স্মৃতিৰ সফুৰা”নামেৰে এখনি গ্ৰন্থও উন্মোচন কৰা হয় ৷

স্মৃতি গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে নদুৱাৰ প্ৰেছ ক্লাৱৰ মুখ্য সম্পাদক ফণীন্দ্ৰ বৰুৱাই ৷ বিশিষ্ট সমাজকৰ্মী গিৰিশ বৰাৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনিত দীপাংকৰ শইকীয়াৰ নাট্য কৰ্ম আৰু ভাওনা শিল্পৰ ওপৰত আলোকপাত কৰে বিভিন্নজনে ৷

স্মৃতিচাৰণ সভাখনিত অঞ্চলটোৰ দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে যোৱা ১১ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ গেৰেকীচুক গাঁও নিৱাসী যুৱ সমাজকৰ্মী,সুদক্ষ অভিনেতা তথা ভাওনা শিল্পী দীপাংকৰ শইকীয়াৰ ৫৩ বছৰ বয়সত অকাল বিয়োগ ঘটিছিল ৷

চাৰিগাঁও যুৱক সংঘৰ উদ্যোগত অভিনেতা দীপাংকৰ শইকীয়াৰ স্মৃতিত স্মৃতিচাৰণ সভা
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঢকুৱাখনা-ঘিলামৰা উত্তাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in