নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঢকুৱাখনা-ঘিলামৰা উত্তাল

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঢকুৱাখনা-ঘিলামৰা উত্তাল

author-image
Asomiya Pratidin
New Update
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঢকুৱাখনা-ঘিলামৰা উত্তাল

ডিজিটেল সংবাদ,ঢকুৱাখনা : অসমৰ ভৌগলিক অস্তিত্ব আৰু অসমীয়া জাতিৰ   স্বকীয় পৰিচয়ৰ প্ৰতি প্ৰচণ্ড ভাবুকি মাতি অনা বিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ঢকুৱাখনা মহকুমা। মঙলবাৰে দুপৰীয়া ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত কা'ৰ প্ৰতিলিপি দাহন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

Advertisment

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াৰ নেতৃত্বত ভালেসংখ্যক কংগ্ৰেছীয়ে হাতে হাতে বিধ্বংসী কা" বিৰোধী প্লে' কাৰ্ড আৰু খিলঞ্জীয়া বিৰোধী আইনখনৰ প্ৰতীকী প্ৰতিলিপি হাতত লৈ ঢকুৱাখনা নগৰৰ  ৰাজীৱ ভৱনৰ সন্মুখৰ ৰাজপথৰ ওপৰত অৱস্থান কৰে। প্ৰদেশ কংগ্ৰেছৰ সদস্য মুকুল গগৈ, ব্লক কংগ্ৰেছৰ নেতা লালিত্য দাস, ইউথ বিগ্ৰেডৰ সভাপতি ৰমেন দাস, মহিলা কংগ্ৰেছ নেত্ৰী মণিকা পাতিৰ, ইনামণি বৰুৱা আদি গৰিষ্ঠসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে দলীয় কৰ্মীসকলে ৰাজপথৰ ওপৰত টায়াৰ আৰু 'কা' ৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কংগ্ৰেছীসকলে নৰেন্দ্ৰ মোদী গ' বেক, অমিত শ্বাহ মুর্দাবাদ,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,'কা' আমি নামানো আদি শ্ল'গান দি ৰাজপথ উত্তাল কৰি তোলে।

ইয়াৰোপৰি মঙলবাৰে বিয়লি খিলঞ্জীয়া অসমীয়াৰ লগতে অসমীয়া সভ্যতা সংস্কৃতিৰ প্ৰতি বিপর্যয় মাতি অনা 'কা'ৰ  বিৰুদ্ধাচৰণ কৰি ৰাজপথলৈ ওলাই আহে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতি। যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক টুলটুল ভৰালীৰ নেতৃত্বত ঘিলামৰাৰ ৰাজপথৰ ওপৰত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে।

ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি জিন্টু ভৰালী,সাধাৰণ সম্পাদক কৌশিক ৰঞ্জন দত্তৰ লগতে বহু সংখ্যক কৰ্মকর্তাই অংশগ্ৰহণ কৰে প্ৰতিবাদত। প্ৰতিবাদকাৰীসকলে বিজেপি গ' বেক, নৰেন্দ্ৰ মোদী সাবধান, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, 'কা' মানি লোৱা নহ'ব আদি বিভিন্ন শ্ল'গান দি ঘিলামৰাৰ ৰাজপথৰ ওপৰত 'কা'ৰ প্ৰতিলিপি দাহ কৰি চৰকাৰ আৰু 'কা' বিৰোধী শ্লোগান দিয়ে।

Also Read: খেলপথাৰ শুৱনি কৰিবলৈ আহি আছে ঋষভ পণ্ট...

ghilamara dhakuakhana caa protest