/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/bc74fb4f-477a-4b35-bf87-3275ee2a289d/517.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল কেথলিক মিচন গীৰ্জাঘৰ চৌহদত খ্ৰীষ্টিয়ান ধৰ্ম্মালম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন দেওবাৰে নিশা উলহ-মালহৰে উদযাপন কৰা দেখা যায় । ৰং বিৰঙৰ আলোকসজ্জ্বাৰ মাজত আলোকিত কৰি তোলা ধলাইবিল গীৰ্জাঘৰ চৌহদত যিশুখ্ৰীষ্টৰ জন্ম বৃত্তান্তক লৈ প্ৰদৰ্শিত ক্ৰিপ্টৰ (থলুৱা ঘৰ) প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
ইয়াকেলৈ খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোকসকলৰ বিপুল সমাগম হোৱা দেখা যায় ৷ বিশেষকৈ ধৰ্ম মন্দিৰ স্বৰূপ যীচুখ্ৰীষ্টৰ মূৰ্ত্তি খোদিত বৃহৎ গীৰ্জা ঘৰটোৰ ভিতৰত ধৰ্মীয় পৰম্পৰা অনুসৰি ৰাইজৰ আৰাধনা কৰি ১২ বজাৰ পিছত প্ৰভু যিচুৰ জন্ম হোৱাৰ লগে লগেই খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোকসকলৰ বৰদিন আৰাম্ভ হয় আৰু তেওঁলোকৰ পৰম্পৰা নিতী- নিয়মসমূহ পালন কৰে ৷
অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টিয়ান ধৰ্ম্মালম্বী লোক সকল আহি বৰদিন উপলক্ষে আনন্দ-উল্লাসৰ মাজেৰে বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি প্ৰভূ যীচুখৃষ্টৰ জন্মোৎসৱ উদযাপন কৰা দেখা গৈছে ৷
Also Read: হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান