/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e4bdca66-89f6-4ed0-b1f3-a1879d205b8e/516.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : দেশৰ স্বাধীনতাৰ সময়তে ১৯৪৮ চনত প্ৰতিষ্ঠা হোৱা নগাঁও জিলাৰ ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ দ্বিতীয়দিনা বিয়লি অনুষ্ঠানত "স্মৃতিয়ে ৰিঙিয়াই" শীৰ্ষক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৰ সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় প্ৰফুল্ল চন্দ্ৰ দেৱগোস্বামী সোঁৱৰণী মঞ্চত ৷
প্ৰাক্তন ছাত্ৰ তথা সাংস্কৃতিক উপ সমিতিৰ মূল আহ্বায়ক বুধেন চন্দ্ৰ বৰা আৰু উদ্যাপন সমিতিৰ সম্পাদক ৰমেশ চন্দ্ৰ বৰাই আঁত ধৰি আগবঢ়াই নিয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত শিল্পী ধীৰ সিং পাটৰ,কাৰ্যকৰী সভাপতি ৰোহিনী বৰাই গীতৰ কলি গুনগুনাই সকলোকে মোহিত কৰে ৷ অঞ্চলৰ ৰাইজ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা সমবেত হোৱা প্ৰাক্তন ছাত্ৰছাত্ৰীসকল, বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশ লোৱা অনুষ্ঠানটোত প্ৰবীন ছাত্ৰ ভবেশ মেধি,হিমান দাস,যতীন বৰা,দিলীপ শইকীয়া,ফনীন্দ্ৰ নাথ বৰা,ৰূলী বৰা, ড০ ৰাতুল নাথ, বিচিত্ৰ নাৰায়ণ শইকীয়া, নিৰ্মল বৰা, মোহন কলিতা, কৃষ্ণ নাথ, নিৰুপমা দাসকে ধৰি বহুসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে স্মৃতি ৰোমন্থন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b338f8fe-113e-4762-a298-4a475e79a632/f0c9ee39_c4d2_4080_908b_b73d88a0d4e0.jpg)
বহুকেইজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গীত-কবিতাৰে বাংময় হৈ উঠা একেটা অনুষ্ঠানতে বিদ্যালয়ৰ অৱসৰী বহুকেইজন শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ একনিষ্ঠ সেৱক প্ৰয়াত শিক্ষক ৰাম গোপাল শৰ্মাৰ সহধৰ্মিনী সৰোজ কুমাৰী দেৱী,জীয়াৰী মামনি শৰ্মা আৰু অৰুণ জ্যোতি শৰ্মা আদি উপস্থিত থাকে ৷
প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সামৰণিত উদ্যাপন সমিতিৰ সভাপতি তথা প্ৰবীন অভিনেতা মুনিন্দ্ৰ শইকীয়াই ঐতিমণ্ডিত শিক্ষানুষ্ঠানৰ ইতিহাসৰ চমু আভাষ দিয়ে। অনুষ্ঠানটোত মহাৰজত জয়ন্তীৰ সাধাৰণ সম্পাদক তথা শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ মুক্তি দাসে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত উপস্থিত থাকি প্ৰেছ ক্লাৱ বেবেজীয়াৰ উপ-সভাপতি কল্যাণ কুমাৰ বৰাই সোনাই পৰীয়া অঞ্চলটোৰ সোনালী অতীতৰ কথাৰে চমু বক্তব্য ৰাখে ৷
Also Read: জাগীৰোডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে ১১৪ কোটিৰ আঁচনি