গহপুৰত খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

এইবাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক ১০ হাজাৰ টকা আগবঢ়াব
গহপুৰত খিলঞ্জীয়া লোকক মাটিৰ পট্টা  বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল সংবাদ,ছয়দুৱাৰ : ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহা গহপুৰ মহকুমাৰ প্ৰায় ৮ সহস্ৰাধিক খিলঞ্জীয়াক লোকক মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে মঙলবাৰে মাটিৰ পট্টা বিতৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেই উপলক্ষে গহপুৰ মহকুমাৰ ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিয়লি প্ৰায় ৪-০০ বজাৰ পৰা অনুষ্ঠিত হয় পট্টা বিতৰণ সভা।

সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে, স্বাধীনতাৰ পিছৰে পৰা ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহা অসমৰ খিলঞ্জীয়া লোকসকলক মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ এইখন চৰকাৰে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ বাবে প্ৰথম পৰ্য্যায়ত অসমৰ ২ লাখ ৫৩ হাজাৰ লোক উপকৃত হৈছে।

সেই অনুসৰি বিশ্বনাথ জিলাৰ গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ প্ৰায় ৮ সহস্ৰাধিক খিলঞ্জীয়া লোকে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে । অসম চৰকাৰে পুনৰ মিছন বসুন্ধৰা ৩ আৰম্ভ কৰি বাকী ৰোৱা সকলো মাটিৰ সমস্যা সমাধান কৰিবলৈ এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, অহা ২০২৬ চনৰ আগত সমাধান হ'ব অসমত বসবাস কৰা খিলঞ্জীয়া লোকৰ প্ৰতিটো মাটিৰ সমস্যা। তদুপৰি মিছন বসুন্ধৰা ৩ৰ জৰিয়তে নামঘৰ, মন্দিৰ আদিৰো মাটিৰ সমস্যা দূৰ হ'ব বুলি উল্লেখ কৰে।

ড০ শৰ্মাই কয় যে, ইয়াৰ জৰিয়তে নামঘৰ, মন্দিৰ সমূহে নিজৰ নামত কৰি ল'ব পাৰিব ভূমি স্বত্ব। বিশ্বনাথ জিলাত মিছন বসুন্ধৰা ২.০ৰ সফল ৰূপায়ণ কৰাৰ বাবে বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ লগতে এইক্ষেত্ৰত জড়িত সংশ্লিষ্ট সকলোৰে শলাগ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সভাত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰে। এইখন চৰকাৰে মাত্ৰ দুটা বছৰত এক লাখ নিবনুৱাক চাকৰি প্ৰদান কৰা,অৰুণোদয় আঁচনি ৰূপায়ণ,ৰেছন কাৰ্ড বিতৰণ,মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰি অসমত এক উন্নয়নৰ এক জোৱাৰ অনাৰ বাবে বিভিন্ন কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে।

সমান্তৰালকৈ মাটিৰ দালাল,উৎকোচ,ধন দাবী, সুদখোৰ,বাল্যবিবাহৰ দৰে বিভিন্ন সামাজিক ব্যাধিৰ বিৰূদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চৰকাৰখনে অসমত এক নতুন পৰিৱেশ ৰচনা কৰিবলৈ বদ্ধপৰিকৰ হৈছে বুলি কয় । এইখন চৰকাৰৰ দিনত জনজাতি আৰু অজনজাতি লোকৰ মাজত পাৰ্থক্য কমি অহা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, এইখন চৰকাৰে সকলো শ্ৰেণীৰ ৰাইজক সম অধিকাৰ প্ৰদান কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

ভাষণ প্ৰসংগত তেওঁ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি কয়। এই সম্পৰ্কে প্ৰাৰম্ভিক পৰ্য্যায়ত অতি সোনকালে চৰাইদেও আৰু বিশ্বনাথ জিলাৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা।

তদুপৰি উচ্চ শিক্ষা অধ্যয়নৰ প্ৰাৰম্ভিক খৰচ হিচাপে এইবাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক ১০ হাজাৰ টকা আগবঢ়াব। আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলক ১২,৫০০ টকা আৰু স্নাতক চূড়ান্ত বৰ্ষ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক ১৫ হাজাৰ টকাকৈ শৈক্ষিক সাহাৰ্য্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।

ভাষণ প্ৰসংগত তেওঁ অতি সোনকালে গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা আৰু গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথৰ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰে। লাখপতি বাইদেউ আৰু মহিলা উদ্যমিতা আঁচনি দুখনৰ পৰা কেনেদৰে মহিলাসকল উপকৃত হ'ব সেই বিষয়েও বাখ্যা আগবঢ়াই তেওঁ।

সভাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় নৱ কুমাৰ দলে,ৰঞ্জিত দত্ত,বিশ্বনাথ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ,বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, বিশ্বনাথ জিলাৰ অতিৰিক্ত আয়ুক্ত(ৰাজহ) তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা,গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনিষ ভড়ালী,হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইড,সহকাৰী আয়ুক্ত মাধুৰ্য্য পৰাশৰ, চয়নিকা হাজৰিকা, গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰা,গহপুৰ পৌৰসভাৰ চেয়াৰমেন অতুল বৰা,বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে। সভাখনত প্ৰায় ১০ সহস্ৰাধিক লোকৰ সমাগম হয়।

গহপুৰত খিলঞ্জীয়া লোকক মাটিৰ পট্টা  বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
লখৰাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰতিভাৱান ক্ৰিকেটাৰৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in