বতৰে দিছে বিধি-পথালি, তথাপিও ৰখাব পৰা নাই ভোটাৰক...

বতৰে দিছে বিধি-পথালি, তথাপিও ৰখাব পৰা নাই ভোটাৰক...

ডিজিটেল ডেস্কঃ প্ৰতিকূল বতৰৰ মাজতো অসমৰ ৪টা সমষ্টিত ভোটাৰ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। ধুবুৰীত পুৱাৰে পৰা দোপালপিটা বৰষুণকো নেওচি ভোটকেন্দ্ৰসমূহত দীঘলীয়া লানি দেখা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ চাৰি সমষ্টিৰ ভিতৰত পুৱা ৯,৩০বজালৈকে ধুবুৰীতে ভোটদানৰ হাৰ সৰ্বাধিক।

ইফালে গুৱাহাটীতো প্ৰায়বোৰ এলেকাত পুৱাৰে পৰা বৰষুণে বিধি-পথালি দিছে। হাতীগাঁও, কাহিলীপাৰা অঞ্চলত প্ৰৱল বৰষুণৰ বিপৰীতে চানমাৰী, বেলতলা, গুৱাহাটী ক্লাৱ, নুনমাটি, নাৰেংগীত পুৱাৰে পৰা কিনকিনীয়া বৰষুণ অব্যাহত আছে। ততস্বত্ত্বেও গুৱাহাটীত ভোটাৰ ৰাইজৰ মাজত উছাহ অব্যাহত আছে।

ইফালে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী, টিহু, পকা বেটবাৰী, হাজোত পুৱাৰে পৰা বতৰ ডাৱৰীয়াৰ লগতে বৰষুণে ভোটাৰক বিধি-পথালি দিছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দতমা,মানস বাক্সাতো পুৱাৰে পৰা প্ৰৱল বৃষ্টিপাত হোৱাৰ খবৰ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in