চতিয়া আৰক্ষীৰ জালত চোৰাং কাঠ সৰবৰাহকাৰী...

চতিয়া আৰক্ষীৰ জালত চোৰাং কাঠ সৰবৰাহকাৰী...

ডিজিটেল সংবাদ, চতিয়াঃ দীৰ্ঘদিনৰ পৰাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি আছে ৰাজ্যৰ বিভিন্ন অঞ্চলত। একেদৰে চতিয়াৰ বিভিন্ন প্ৰান্ততো চোৰাং কাঠৰ ব্যৱসায় চলি অহাৰ কথা সৰ্বজনবিদিত৷

সোমবাৰে পুৱতি নিশা চতিয়া আৰক্ষীয়ে বালিচাঙৰ পৰা বিশ্বনাথ চাৰিআলিলৈ নি থকা অৱস্থাত চতিয়াৰ নলবাৰীত গাওঁৰক্ষী বাহিনীৰ সহযোগত কাঠভৰ্তি এ এচ ৩২ চি ১৮৯০ নম্বৰৰ বলে'ৰ পিক‌আপ ভান জব্দ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰে জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে গাড়ীখনৰ চালকসহ ফকিৰ আলি, জমিল হল, আনিচুৰ ৰহমান নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য চতিয়া আৰক্ষীয়ে জব্দ কৰা কাঠগাড়ী আৰু আটক কৰা তিনিজন লোকক বন বিভাগকক গতাই দিছে।

চতিয়া আৰক্ষীৰ জালত চোৰাং কাঠ সৰবৰাহকাৰী...
নগাঁৱত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা আৰু প্ৰযুক্তি দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in