/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/52e5ea0c-61d4-47a1-a9dd-caa5b771b5fe/batadrawa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰ(ICAR)ৰ ৯৫ সংখ্যক প্ৰতিষ্ঠা আৰু প্ৰযুক্তি দিৱসটি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত ১৬ জুলাইৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষক উৎপাদক সংস্থা, কৃষক উৎপাদক গোট আৰু আত্মসহায়ক গোটৰ সদস্যসকলৰ লগত কৃষি ক্ষেত্ৰত প্ৰযুক্তি প্ৰয়োগৰ সজাগতা আৰু মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সহযোগী শিক্ষা আৰু সম্প্ৰসাৰণ বিষয়া ড০ মনোৰঞ্জন নেওঁগে 'প্ৰযুক্তি আমাৰ হাতত থাকিলে নহ'ব গাঁৱৰ কৃষকৰ কাষলৈ লৈ যাব লাগিব। বৰ্তমান আমাৰ দেশত খাদ্য সুৰক্ষা হৈছে, কিন্তু কৃষকৰ আয় বৃদ্ধি হোৱা নাই। অসমৰ কৃষকৰ মাহিলী উপাৰ্জন বৰ্তমান ৬০০০ টকা মাত্ৰ। সেইবাবে আমি সমন্বিত কৃষিত গুৰুত্ব দিব লাগে। য'ত এটা দিশত লোকচান হ'লেও আন দিশত আয় হ'ব।" বুলি মন্তব্য কৰে। লগতে 'মাটি আমাৰ অমূল্য সম্পদ, মাটিৰ স্বাস্থ্য অটুট ৰাখিব লাগিব।' বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ড০ নিৰঞ্জন ডেকাই "পুৰণিকলীয়া পৰম্পৰাগত কৃষি পদ্ধতি পৰিহাৰ কৰি বহু কৃষকে নতুন প্ৰযুক্তি আকোঁৱালি লৈছে, যাৰ পৰিপ্ৰেক্ষিতত উৎপাদন বৃদ্ধি হৈছে আৰু সেইসকল কৃষকৰ আয় বৃদ্ধি পাইছে। আজি আমি গাঁৱৰ প্ৰতিগৰাকী কৃষকৰ মাজলৈ প্ৰযুক্তি লৈ যোৱাৰ সংকল্পৰে একত্ৰিত হৈ কাম কৰিছোঁ। যাতে কৃষকৰ আয় বৃদ্ধি হওঁক, দেশ প্ৰগতিৰ বাটত আগুৱাই যাওক।" বুলি ভাষণত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d1c9b14a-00ec-47ec-880d-4523aa2e7f5c/5a373ca7_6abc_42b7_bdd8_8d6dad9c49a3.jpg)
অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ জ্যেষ্ঠ সম্প্ৰসাৰণ বিশেষজ্ঞ ড০ মোহন শৰ্মা, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত জিলা কৃষি বিভাগৰ পৰিদৰ্শক লক্ষী প্ৰসাদ দেউৰী, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সামুহিক বিজ্ঞান বিশেষজ্ঞা ড০ আছফিকা ইছলাম, ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, পথাৰ শষ্য বিশেষজ্ঞা ড০ বন্তি গগৈ, আঁচনি সহায়ক(কম্পিউটাৰ) বিষ্ণু নাৰায়ণ ফুকন, কৰ্মচাৰী ৰজনীশ সেনৰ লগতে শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মনে।
ইফালে আই চি এ আৰৰ প্ৰতিষ্ঠা আৰু প্ৰযুক্তি দিৱস উপলক্ষে দেওবাৰে মেকানিকেল পেডি ট্ৰাঞ্চপ্লান্টাৰ(Machinical Paddy transplanter)ৰ সহায়ত দলিচা পদ্ধতি বীজতলী ৰোপণৰ প্ৰদৰ্শনী, সোমবাৰে কৃৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰয়োগ শীৰ্ষক এখনি যন্ত্ৰ পাতিৰ প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ লগতে মঙলবাৰে "নতুন প্ৰযুক্তিৰ উদ্ভাৱন" শীৰ্ষক বিজ্ঞানীসকলৰ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব।
Also Read: কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰক্তদান শিবিৰ...