সুদখোৰৰ বিৰুদ্ধে চতিয়াত দিনে-নিশাই আৰক্ষীৰ তীব্ৰ অভিযান

ধৃত দুই সুদখোৰৰ পৰা জব্দ কৰিছে তিনিখন মটৰচাইকেল

author-image
Asomiya Pratidin
New Update
সুদখোৰৰ বিৰুদ্ধে চতিয়াত দিনে-নিশাই আৰক্ষীৰ তীব্ৰ অভিযান

ডিজিটেল সংবাদ,জামুগুৰিহাট : চতিয়াত সুদ খোৰৰ বিৰুদ্ধে দিনে নিশাই চলিছে আৰক্ষীৰ তীব্ৰ অভিযান ৷ এই অভিযানত মঙলবাৰে চতিয়াৰ আৰক্ষীৰ জালত পৰে দুই সুদখোৰ ৷

Advertisment

চতিয়া থানাৰ আৰক্ষীয়ে অভিযান চলাই ভোজমাৰীৰ পৰা চন্দ্ৰ খৰ্কা আৰু চতিয়া ঘাহি ছয়পুৰৰ পৰা আটক কৰে আমিৰ হুছেইন নামৰ দুই সুদখোৰক। ইয়াৰোপৰি ধৃত দুই সুদখোৰৰ পৰা জব্দ কৰিছে তিনিখন মটৰচাইকেল ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, সম্প্ৰতি দুয়োকে বিশ্বনাথ চাৰিআলি জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পূৰ্বে ভালেকেইগৰাকী সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছিল। সম্প্ৰতিও অৱ্যাহত আছে আৰক্ষীৰ উক্ত অভিযান।

Also Read: ৰোহিত শৰ্মাৰ সমৰ্থনত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী

jamugurihat asaam police chatiya