চতিয়াৰ জলাহভূমিত পক্ষী নিধনৰ চেষ্টা দুষ্কৃতিকাৰীৰ

চতিয়াৰ জলাহভূমিত পক্ষী নিধনৰ চেষ্টা দুষ্কৃতিকাৰীৰ

author-image
Asomiya Pratidin
New Update
চতিয়াৰ জলাহভূমিত পক্ষী নিধনৰ চেষ্টা দুষ্কৃতিকাৰীৰ

ডিজিটেল সংবাদ,চতিয়াঃ শীতৰ আগমনৰ লগে লগে চতিয়াৰ দক্ষিণাঞ্চলৰ বিভিন্ন বিল জলাশয়লৈ আগমন ঘটা পক্ষী নিধনৰ চেষ্টা চলাইছে দুষ্কৃতিকাৰীয়ে। পক্ষী নিধনৰ বাবে বিল জলাশয়ত জাল পেলাইছে দুষ্কৃতিকাৰীয়ে। চতিয়াৰ দক্ষিণ অঞ্চলৰ বিভিন্ন বিলত পক্ষী নিধনৰ বাবে তৰা কেইবাখনো জাল আজি উদ্ধাৰ কৰিছে বন বিভাগৰ দলে।

বনবিভাগৰ তহলদাৰী দলে স্থানীয় একাংশ সচেতন ৰাইজৰ খবৰ ভিত্তিত পক্ষী নিধনৰ বাবে দুষ্কৃতিকাৰীয়ে তৰা কেইবাখনো জালৰ লগতে জালত বন্দী হোৱা পক্ষীও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে নিশাৰ ভাগত দুষ্কৃতিকাৰীয়ে বিল জলাশয়ত যাতে জাল তৰিব নোৱাৰে তাৰ বাবে ৰাইজক সজাগ হৈ থাকিবলৈও আহ্বান জনাইছে বনবিভাগে৷

Also Read: অযোধ্যাত দীপোৎসৱৰ প্ৰস্তুতিঃ ২৮ লাখ চাকিৰে আলোকিত হব ৫৫ ঘাট...

chatiya migratory bird