/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cfbe4f7c-8b2c-4b3b-8a44-a6f9dc60ab5c/355.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : নদুৱাৰ অঞ্চলৰ চতিয়া, ইটাখোলাত লিচু খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নিৱনুৱা যুৱকে ৷ চতিয়া আৰু ইটাখোলত উৎপাদিত বিভিন্ন প্ৰজাতিৰ লিচুৱে তেজপুৰ, গুৱাহাটী, শিলিগুৰি, ডিব্ৰুগড়,তিনিচুকীয়া আদি বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।
ইয়াৰোপৰি বহিঃ ৰাজ্যৰ শ্বিলং,অৰুণাচল তথা ইটানগৰ আদিলৈয়ো প্ৰেৰন কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ইটাখোলাৰ যুৱ কৃষক নুৰ জামালে বিগত ২৫ বছৰ ধৰি সুস্বাদু লিচু গছ ৰোপন কৰি উৎপাদিত লিচুৰ ব্যৱসায়ৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
তেঁও নিজে লিচু খেতি কৰাৰ উপৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত উৎপাদিত লিচুসমূহ ক্ৰয় কৰি আনি বিক্ৰীৰ জৰিয়তে আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ যুৱকজনে জনোৱা মতে তেঁও বিভিন্ন প্ৰজাতিৰ লিচু যেনে- ইলাচি লিচু , বোম্বাই লিচু , বিলাতী লিচু, দেশী লিচু, পিয়াজী লিচুৰ ব্যৱসায়ৰে স্বাৱলম্বী হৈছে।
লগতে তেঁও লিচুৰ ব্যৱসায় কৰিয়েই বছৰত কেইবা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈ আহিছে ৷ প্ৰতি শ লিচুত ২০০ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত বিক্ৰী কৰি পোৱা ধনেৰেই স্বনিৰ্ভৰশীল হৈ আহিছে৷ সম্প্ৰতি যুৱ কৃষকজনে এনদৰে লিচু খেতি কৰি স্বাৱলম্বী হ'বলৈ আন আন নিৱনুৱাকো আহ্ৱান জনাইছে ৷
Also Read: নাকেৰে টাইপ কৰি গঢ়া গীনিজ ৰেকৰ্ড ভংগ কৰিলে এইজন ভাৰতীয়ই...