জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীত ষট্ পূঁজাৰ ব্যাপক প্ৰস্তুতি

জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীত ষট্ পূঁজাৰ ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীত ষট্ পূঁজাৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই নদীত ষট্ পূঁজাক লৈ চলিছে ব্যাপক প্ৰস্তুতি। ২৫ বছৰ অতিক্ৰম কৰা ইটাখোলাৰ এই ষট্ পূঁজা‌ এইবেলি ব্যাপক কাৰ্যসুচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োজক কমিটিয়ে ৷

এই উদ্দেশ্যেৰে দিকৰাই নদীৰ ঘাট সুন্দৰকৈ সজায়-পৰাই তোলাৰ লগতে সকলো ভক্তপ্ৰাণ ৰাইজৰ সুবিধা হোৱাকৈ আপ্যায়নৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷ এই ষট্ পূজাৰ ধৰ্মীয় কাৰ্যসূচীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷

Also Read: আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

jamugurihat ষট্ পূঁজা