জামুগুৰিহাটত ৰাইজৰ হাতত আটক গৰুচোৰ

জামুগুৰিহাটত ৰাইজৰ হাতত আটক গৰুচোৰ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ৰাইজৰ হাতত আটক গৰুচোৰ

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ গটাইমাৰীত শনিবাৰে নৈশ পহৰাদাৰী ৰাইজে এটা গভাইত গৰুচোৰ কৰায়ত্ব কৰি আৰক্ষীক গটাই দিয়ে। কৰায়ত্ব কৰা গৰুচোৰটোৰ নাম মহম্মদ ইছলামুদ্দিন।

নগাঁও জিলাৰ আমনিৰ পৰা গাড়ীলৈ আহি নিশা জামুগুৰিহাটৰ গটাইমাৰীত গৰুচোৰ কৰিবলৈ ধৰিছিল ধৃত ইছলামুদ্দিনসহ চাৰিজনীয়া চোৰৰ দলটোৱে। নিশা পহৰাৰ দায়িত্বত থকা গাঁওৰক্ষী বাহিনীৰ সদস্যৰ লগতে ৰাইজে চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও লগত অহা আন তিনিটা চোৰ পলাই সাৰিবলৈ সক্ষম হয়।

গৰুচোৰটোক ইতিমধ্যে জে'ল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে যোৱা চাৰি-পাঁচ মাহ ধৰি এচাম গৰুচোৰে নিতৌ কৃষক ৰাইজৰ পোহনীয়া গৰু , গাইসমূহ চুৰি কৰি নি সন্ত্ৰাস চলাই আহিছে ৷

গৰুচোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ ৰাইজে গাঁওৰক্ষী বাহিনীৰ সহযোগত নৈশ পহৰাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে ৷

Also Read: টি-২০ বিশ্বকাপ : অপৰাজেয় ধাৰা ৰক্ষাৰ লক্ষ্যৰে কানাডাৰ মুখামুখি হ'ব টীম ইণ্ডিয়া

jamugurihat Assam police