/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f3a2562e-b700-433c-8e58-487c8f8844c8/ind_vs_can_153332398_16x9_0.webp)
ডিজিটেল ডেস্ক : অপৰাজেয় ধাৰা ৰক্ষাৰ লক্ষ্যৰে আজি কানাডাৰ মুখামুখি হ'ব ভাৰত। এতিয়ালৈকে গ্ৰুপৰ তিনিওখন মেচত জয়ী হৈ ছুপাৰ-৮ত স্থান নিশ্চিত কৰিছে টীম ইণ্ডিয়াই।
আজি ফ্ল'ৰিডাত অনুষ্ঠিত হ'ব গ্ৰুপ লীগৰ অন্তিমখন মেচ। এই মেচত প্ৰতিপক্ষ কানাডাক হৰুৱাই অপৰাজেয় হৈ থাকিব বিচাৰে ৰোহিত বাহিনী। অৱশ্যে এই মেচৰ ফলাফল ভাৰতৰ বাবে গুৰুত্বহীন।
নিয়মৰক্ষাৰ বাবেহে হ'ব এইখন মেচ। তথাপি ভাৰত মেচখনকলৈ সাজু হৈ উঠিছে। আনফালে অঘটন ঘটোৱাৰ লক্ষ্যৰে সাজু হৈছে প্ৰতিপক্ষ কানাডা।
ইফালে বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফ্ল'ৰিডাৰ কেতবোৰ অঞ্চল বুৰ গৈছে কৃত্ৰিম বানত। কৃত্ৰিম বানৰ বাবেই ভাৰতৰ অনুশীলনো বাতিল কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4a9e9552-7b13-45aa-baea-765e5b645396/avesh291201.jpg)
বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে প্ৰায়বোৰ অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞানৰ আগলি বতৰা অনুসৰি ভাৰত-কানাডাৰ মেচত বৰষুণে বিধি-পথালি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e8fa7d0e-a202-4338-80cf-ced24176ff49/Header-Image-Credit-Instagram-Shubman-Gill-5_63e482e34b53f.jpg)
ইফালে এইবাৰৰ বিশ্বকাপত এখনো মেচ খেলিবলৈ সুযোগ নোপোৱা শুভমন গীল আৰু আবেশ খানক স্বদেশলৈ উভতাই পঠিওৱাৰ সিদ্ধান্ত লৈছে টীম ইণ্ডিয়াৰ দলীয় মেনেজমেন্টে। মূল একাদশত স্থান নোপোৱা তথা ৰিজাৰ্ভ খেলুৱৈ হিচাপে আমেৰিকালৈ যোৱা দুয়োগৰাকী খেলুৱৈকে আজিৰ মেচৰ পিচতে ভাৰতলৈ পঠিয়াব।
Also Read: ক্ৰিকেটৰ নিতীশ কুমাৰ...