জামুগুৰিহাটৰ কুসুমটোলাত দিন ডকাইতিৰ চেষ্টা

জামুগুৰিহাটৰ কুসুমটোলাত দিন ডকাইতিৰ চেষ্টা

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ কুসুমটোলাত দিন ডকাইতিৰ চেষ্টা

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ কুসুমটোলাত দিন ডকাইতিৰ চেষ্টা। শনিবাৰে দিনৰ ভাগতে ১২ বছৰীয়া শিশুক বান্ধি লুটপাতৰ চেষ্টা দুৰ্বৃত্তৰ এটা দলৰ। জানিব পৰা মতে কুসুমটোলা ব্যৱসায়িক কেন্দ্ৰস্থলৰ সমীপতে থকা পূজা আচাৰ্য্যৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।

Advertisment

পূজাৰ চান্দা বিচৰাৰ চলৰে আহিছিল দুৰ্বৃত্তৰ দলটো। পূজা আচাৰ্য্য নামৰ মহিলাগৰাকীয়ে কনিষ্ঠ পুত্ৰক বিদ্যালয়ৰ পৰা আনিবলৈ যাওতেই এই ঘটনা সংঘটিত হয়। দুৰ্বৃত্তৰ কবলৰ পৰা কৌশলৰে আঁতৰি আহিবলৈ সক্ষম হোৱা শিশুটিয়ে পিছত হূলস্থুলৰ সৃষ্টি কৰাত পলাই সাৰি যাবলৈ সক্ষম হয় দুৰ্বৃত্তৰ দলটো।

উল্লেখ্য যে জামুগুৰিহাটত চিলনী চোৰ, গৰু চোৰ আদিয়ে ৰাইজৰ নিদ্ৰা হৰণ কৰাৰ সময়তে পুনৰ দিন দুপৰতে ঘন জনবসতি অঞ্চলত সংঘটিত হোৱা এনে ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

Also Read: নলবাৰীত সাহিত্য সভাৰ চিন্তন বৈঠক সম্পন্ন

jamugurihat robbery Assam police