/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d862139c-1faa-44ca-9159-77232d35013d/46aa79e6_16df_4655_9832_a22584d37347.jpg)
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়লৈ আগবঢ়োৱা হ'ল হেমকোষৰ ব্ৰেইল সংস্কৰণ...
ডিজিটেল সংবাদ তেজপুৰঃ ''হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰনৰ প্ৰণয়নৰ জৰিয়তে 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে সমাজৰ বাবে অতি মহত্বপূৰ্ণ অৱদান আগবঢ়াইছে আৰু এয়া অকল অসমীয়া সমাজৰ কাৰনেই নহয় সমগ্ৰ ভাৰত উপ-মহাদেশখনৰ বাবেই গৌৰৱৰ মুহূৰ্ত।''- এই মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্তি উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙৰ।
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ আজি 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে আনুষ্ঠানিকভাৱে হেমকোষ ব্ৰেইল অভিধানৰ ২৮ খনকৈ কপি আগবঢ়ায়। সেই অনুসৰি বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ সভাখনত মুখ্যঅতিথি হিচাপে অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে নিজা ভাষণৰ আৰম্ভনিতে 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক তথা 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ মহান প্ৰচেষ্টাক আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0e6132ef-7eaa-45fa-a06e-fbd9d09a6ab7/db638a09_dd38_484e_ac77_25e2111288ab.jpg)
অধ্যাপক সিঙে ভাষণত কয়, ৰাইজে ব্ৰেইল অভিধানখনৰ প্ৰকাশৰ অনন্য কৰ্ম প্ৰচেষ্ঠাৰ হেতু 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ শলাগ লৈছো আৰু আজি মই হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰনখন গৌৰৱেৰে গ্ৰহণ কৰিছো। এই ব্ৰেইল সংস্কৰনৰ ধাৰনাটো মানৱতাৰ বাবে অতি অনন্য ধাৰণা আৰু সচাকৈ এয়া অতি প্ৰশংসনীয় । সাংবাদিকতাৰ সমান্তৰালকৈ সমগ্ৰ মানৱ সমাজৰ কাৰনে উৎকৃষ্টতম অৱদান আগবঢ়োৱাৰ কাৰণে 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱাক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ ।
ইয়াৰোপৰি অধ্যাপক শম্ভু নাথ সিঙে ভাষণত জয়ন্ত বৰুৱাক প্ৰশংসা কৰি কয়. এয়া মগজুৰ সৃষ্টি সীমাৰ বাহিৰত মানৱতাৰ সেৱাৰ এক অনন্য ধাৰণা। একেদৰে উপাচাৰ্যগৰাকীয়ে সাংবাদিকতাৰ ক্ষেত্ৰত উদ্যোগ-শৈক্ষিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিদিন গোট আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ মাজত সহযোগিতাৰ ধাৰণাক আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/92e749e9-5dd2-450f-a48f-b50338f92156/a40b6744_151b_4f4e_bb0b_963ca0e5cbc9.jpg)
তদুপৰি বিশ্বৰ বিভিন্ন দেশৰ উন্নত বিশ্ববিদ্যালয় সমূহত থকাৰ দৰেই অসম তথা উত্তৰ পূৱৰ বৃহৎ সংবাদ গোষ্ঠী হিচাপে অসমীয়া প্ৰতিদিন আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগীতাৰে এক শৈক্ষিক গৱেষণামূলক বিষয় আগবঢ়াই নিয়াৰো প্ৰস্তাৱ আগবঢ়ায় । উল্লেখ্য যে 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক তথা 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ তৰফৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ সহধৰ্মিনী ৰুবী বৰুৱা আৰু প্ৰতিদিন টাইম নিউজ চেনেলৰ মেনেজিং এডিটৰ স্মিতাক্ষী বি গোস্বামীয়ে হেমকোষৰ ব্ৰেইল সংস্কৰন উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙৰ হাতত তুলি দিয়ে ।
আনহাতে সভাত নিজা ভাষণত প্ৰতিদিন টাইমৰ মেনেজিং এডিটৰ স্মিতাক্ষী বি গোস্বামীয়ে কয়, ১৯০০ চনত প্ৰকাশিত ব্ৰিটিছ শাসনৰ সময়ত হেমকোষখন প্ৰকাশৰ পূৰ্বে অসমীয়া ভাষাৰ ওপৰত এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল আৰু সেই বাবে হোমকোষখনৰ খুবেই প্ৰয়োজন আছিল। সেই কথা ভাবিয়েই হেমচন্দ্ৰ বৰুৱাই হেমকোষখন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b3bf2738-b071-4341-9cce-f28b212a9983/58fdfaf7_1b19_4753_afc4_c1b54be6eca6.jpg)
তাৰ পিছত ২০১১ চনত মোৰ ককা প্ৰয়াত দেৱানন্দ বৰুৱাই ১৪ সংখ্যাক হেমকোষখন প্ৰকাশ কৰিছিল । হোমকোষ অভিধানক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগুৱাই নিয়া হৈছে আৰু ভৱিষ্যত প্ৰজন্মত জৰিয়তে কঢ়িয়াই নিয়া হ’ব ।
ইয়াৰোপৰি বিশ্ব পৰ্যায়ত এইখন একমাত্ৰ ব্ৰেইল অভিধান আৰু আজি তেজপুৰ বিশ্ববিদ্যালয়লৈ আমি এনেদৰে অভিধানখন আগবঢ়াবলৈ পাই গৌৰৱ অনুভগ কৰিছো। আনহাতে হেমচন্দ্ৰ বৰুৱাৰ আজো নাতি অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই নিজা চিন্তা আৰু পৰিকল্পনাৰে আৰম্ভ কৰা প্ৰচেষ্টাক আজি বিশ্বৰ আটাইতকৈ ডাঙৰ ব্ৰেইল অভিধান হিচাপে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে স্বীকৃতি প্ৰদান কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/60abd869-225c-41e3-b7ea-18b12fcda192/606f1a89_7315_4549_b17f_01b9e764916c.jpg)
ইয়াৰোপৰি হেমকোষৰ ব্ৰেইল সংস্কৰণে ৰাজ্যৰ দৃষ্টিশক্তিহীন শিশুসকলৰ শৈক্ষিক মান উন্নত কৰাত সহায় কৰাৰ লক্ষ্যৰে অসমীয়া ভাষাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানতে বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড০ কপৌ মালাকাৰৰ গৱেষণামূলক গ্ৰন্থ 'জেণ্ডাৰ ডিভাইড এণ্ড ৱ'মেন এম্পাৱাৰমেণ্ট ইন দ্যা ডিজিটেল এজ' শুভ উন্মোচন কৰা হয়।
গ্ৰন্থখন উন্মোচন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, অধ্যাপক শম্ভু নাথ সিং আৰু প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। সহযোগ কৰে মঞ্চত উপৱিষ্ট আটাইকেইজন বিশিষ্ট ব্যক্তিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/95bde7d4-5c99-4a3d-9453-e7800b8759b3/4ea214e6_7b55_48ba_86fd_ca3891308b44.jpg)
ইফালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই নিজা ভাষনত কয় হেমকোষ ব্ৰেইল অভিধানখনৰ লগত অক্সফ'ৰ্ড অভিধানৰ সৈতে নিমিলে । ইয়াৰোপৰি তেওঁ এই অভিধানখনৰ সম্পৰ্কত বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2978e74f-87e2-43cb-ada6-197bbb62dc3d/d441fc31_9039_4e6e_8826_53ec3dfba518.jpg)
অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ বিভাগীয় মুৰব্বী অভিজিৎ বৰাই আৰু আৰম্ভণিৰ পৰা শেষলৈ আঁত ধৰে সহ-অধ্যাপিকা অঞ্জুমান বৰাই। অনুষ্ঠানতে শোণিতপুৰ জিলা ছাত্ৰ সন্থাই প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীক আদৰণি জনায়। অসমীয়া ভাষাক বিশ্বত প্ৰতিষ্ঠা কৰি হেমকোষ ব্ৰেইলে যি বিশ্ব অভিলেখ সৃষ্টি কৰিলে তাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
ইয়াৰোপৰি অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যৰ বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰ, ৰত্না ভৰালী, বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ বীৰেন দাস, বিশ্ববিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন শৰ্মা, গ্ৰন্থাগাৰীককে ধৰি যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক, অধ্যাপিকাসকসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/110a8542-ee1e-440e-bee5-9ab8afd830ff/056df4d0_c899_47d6_a64e_01896572ed0d.jpg)
Also Read: মুখ্যমন্ত্ৰীৰ এইবোৰ কথা শুনিলে আপোনাৰো ভাল লাগিব...