মুখ্যমন্ত্ৰীৰ এইবোৰ কথা শুনিলে আপোনাৰো ভাল লাগিব...

মুখ্যমন্ত্ৰীৰ এইবোৰ কথা শুনিলে আপোনাৰো ভাল লাগিব...
মুখ্যমন্ত্ৰীৰ এইবোৰ কথা শুনিলে আপোনাৰো ভাল লাগিব...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকমুহূৰ্তত আজি কইনাধৰাত এক সংবাদমেল সম্বোধন কৰে। এই সংবাদ মেলতে তেওঁ এই দুটা বছৰৰ সফাল্য আৰু আগন্তক বৰ্ষৰ পৰিকল্পনাসমূহৰ বিষয়ে সদৰি কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, আমাৰ চৰকাৰখনে বহুকেইটা গুৰুত্বপূৰ্ণ দিশত কাম কৰি আহিছে। আমাৰ চৰকাৰৰ প্ৰথম লক্ষ্য আছিল অসমত শান্তিৰ পৰিৱেশ স্থাপন কৰা। যাতে যুৱ শক্তিয়ে এক নতুন আশাৰ বাতৰি লাভ কৰিব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত অসম চৰকাৰে ইতিমধ্যে কেইবাটাও মাইলৰ খুঁটিত উপনীত হৈছে। বিভিন্ন গোটৰ সৈতে কেইবাটাও শান্তি চুক্তি স্বাক্ষৰিত হৈছে। বড়ো চুক্তি, কাৰ্বি চুক্তি আৰু ডিমাছা শান্তি চুক্তিয়ে অসমত এক শান্তিৰ পৰিৱেশ দিছে।

সমান্তৰাল ভাৱে অশান্ত অঞ্চল আইনখনো অসমৰ প্ৰায়বোৰ অঞ্চলৰ পৰাই পৰিহাৰ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰৰ অশান্ত অঞ্চল আইন প্ৰত্যাহাৰ কৰাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তই অসমক সমগ্ৰ দেশত যোগাত্মক ৰূপত দাঙি ধৰিছে।

তেওঁ কয়, মোৰ লক্ষ্য হৈছে ২০২৩ ৰ ভিতৰত অসমৰ সমগ্ৰ অঞ্চলৰ পৰাই অশান্ত অঞ্চল আইন প্ৰত্যাহাৰ কৰা। বৰ্তমান যি ৫ খন জিলাত এতিয়াও এই আইন আছে সেই আইন ২০২৩ চনৰ ভিতৰত প্ৰত্যাহাৰ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। তাৰ বাবে এটা উপযুক্ত পৰিৱেশ নিৰ্মাণ চৰকাৰৰ তৃতীয় বৰ্ষটোত এটা বিশেষ প্ৰত্যাহ্বান হ'ব। সেই প্ৰত্যাহ্বান আগত লৈ অসম চৰকাৰে কাম কৰিব বিচাৰিছে।

আনহাতে ৰাজ্যখনৰ কৃষি অৰ্থনীতি সন্দৰ্ভত তেওঁ কয়, ৰাজ্যৰ কৃষি খণ্ডলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছে। বিশেষকৈ চৰকাৰীভাৱে ধান সংগ্ৰহৰ কৰাৰ কাম আৰম্ভ কৰাৰ পাছত কৃষক সমাজৰ মাজত বিশাল উৎসাহ উদ্দিপনা দেখিবলৈ পোৱা গৈছে।

বহুদিনৰ মূৰত অসমত ধান সংগ্ৰহৰ কাৰণে গুদাম আৰু ৰাইছ মিল এই দুয়োটা ইক' চিষ্টেমৰ নিৰ্মাণ কাৰ্য আমাৰ চৰকাৰে কৰিবলৈ সক্ষম হৈছে। এইবছৰত ইতিমধ্যে ৫ লাখ ২৫ হাজাৰ মেট্ৰিক টন ধান সংগ্ৰহ কৰা হৈছে।

দ্বিতীয় বৰ্ষত ১০ লাখ বা ১০ লাখৰ আশেপাশে ধান সংগ্ৰহ কৰিব পাৰিম। আমাৰ লক্ষ্য হৈছে অসমত অন্ততঃ ২০ লাখ মেট্ৰিকটন ধান অহা ৫ বছৰৰ ভিতৰত সংগ্ৰহ কৰা। যাতে ৰাজ্যখনত বাহিৰৰ পৰা আৰু ধান আহিবলগীয়া পৰিৱেশ নাথাকে।

আনহাতে ধানৰ সমান্তৰালকৈ মাষ্টাৰ্ড অইলো কৃষকৰ পৰা উপযুক্ত মূল্যত ক্ৰয় কৰাৰো কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই বছৰত এই কাম আৰম্ভ কৰা হ'ব। আৰু এই দিশত কৃষকক সকাহ দিব পাৰিব। ইয়াৰোপৰি শ্ৰীঅন্নৰ চৰকাৰী ভাৱে ক্ৰয় কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

ইফালে ৰাজ্যত দুগ্ধ উৎপাদন সন্দৰ্ভত আমূল পৰিৱৰ্তন আৰু এটা নিজা ব্ৰেণ্ড তৈয়াৰ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। অহা ১ জুনৰ পৰা ডায়েৰী প্ৰডাকশ্যনৰ ওপৰত এক বিশাল পদক্ষে গ্ৰহণ কৰিব বিচাৰিছে।

সমবায় সমিতিৰ জৰিয়তে গো-পালকসকলৰ পৰা যিসমূহ গাখীৰ সংগ্ৰহ কৰা হয়, সেই গো-পালকসকলক চৰকাৰে প্ৰতি লিটাৰ গাখীৰত ৫ টকাকৈ অতিৰিক্ত ৰাজসাহায্য প্ৰদান কৰিব। সমবায় সমিতিয়ে বজাৰ মূল্য হিচাপত গো-পালকসকলক প্ৰতি লিটাৰ গাখীৰৰ পৰিৱৰ্তে মূল্য আদায় দিয়াৰ উপৰিও উপৰিও চৰকাৰে প্ৰিমিয়াম হিচাপত অতিৰিক্ত ৫ টকাকৈ প্ৰতি লিটাৰ গাখীৰত প্ৰদান কৰিব।

অৱশ্যে ব্যক্তিগত ক্ৰয়-বিক্ৰয়ত এই নীতি প্ৰযোজ্য নহ'ব। ইয়াৰ উদ্দেশ্য হৈছে, অসমত আমূল, নন্দিনীৰ দৰে এটা ব্ৰেণ্ড তৈয়াৰ কৰা। ইয়াৰ বাবে যি সমবায়েই গাখীৰ ক্ৰয় নকৰক কিয় ব্ৰেণ্ডৰ নাম এটাই হ'ব। এই ব্ৰেণ্ডক আমূল, নন্দিনীৰ পৰ্যায়লৈ লৈ যোৱা হ'ব।

আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত তেওঁ কয়, আজি আমি আইন, শৃংখলা সন্দৰ্ভত দ্ৰুত পৰিৱৰ্তন দেখিবলৈ পাইছো। মহিলা, সম্পত্তি আদিৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধ সম্পৰ্কীয় এই বছৰৰ তথ্য শীঘ্ৰেই প্ৰকাশ পাব।

এই তথ্যতে অসমৰ অপৰাধ সংক্ৰান্তীয় ট্ৰান্সফ্ৰ'মেশ্যন দেখিবলৈ পাব। অপৰাধৰ ক্ষেত্ৰত অসমৰ স্থান আগতকৈ উন্নত হ'ব। ৰাজ্য চৰকাৰে এইবাৰ অসমত ৫ খন অতিৰিক্ত pocso আদালত স্থাপন কৰিব।

ইয়াৰ জৰিয়তে এটা সমৰপিত ন্যায়িক সেৱা নিৰ্মাণ কৰাৰ পদক্ষেপ হাতত লোৱা হৈছে। ইয়াত কৰ্মৰত সকলোৱে চৰকাৰৰ পৰা দৰমহা লাভ কৰিব। আইনৰ শাসন অসমত উভতাই অনাৰ বাবে ই হ'ব অসম চৰকাৰৰ এক বিশেষ পদক্ষেপ।

অসম আৰক্ষীক চাইবাৰ ক্ৰাইম, ফৰেনচিক ক্ৰাইম আদিত টেকনল'জীকেল দিশলৈ লৈ যোৱাৰ চেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত অসমত নিৰ্মিত নেশ্যনেল ফ'ৰেনচিক বিজ্ঞান প্ৰতিষ্ঠান প্ৰতিষ্ঠা এক মাইলৰ খুঁটি হ'ব।

আনহাতে অসমত স্বাস্থ্য খণ্ডই এক নতুন দিগন্তত ভৰি দিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, অহা বছৰত তিনিচুকীয়াত নিৰ্মীয়মান মেডিকেল কলেজখন কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই বছৰৰ ভিতৰত কৰিমগঞ্জ বা ৰাটাবাৰী আৰু শিৱসাগৰতো মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ কৰিব।

সমান্তৰালকৈ অসমৰ প্ৰতিখন মেডিকেল কলেজতে বি এছ চি আৰু এম এছ চি নাৰ্ছিং কলেজ খুলিব চৰাকৰে। এই কলেজসমূহত নাৰ্ছিং শিক্ষাৰ লগতে এটা বিদেশী ভাষা আৰু ছফ্ট স্কিলৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পদক্ষেপ ল'ব। ইয়াৰ উদ্দেশ্য হৈছে গ্ল’বেল নাৰ্ছেছ তৈয়াৰ কৰা।

উল্লেখ্য যে, ১০ মে'ত চৰকাৰ দুবছৰ সম্পূৰ্ণ হ'ব। এই বিশেষ দিনটোতে স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি অসমৰ প্ৰতিজন ৰেছন কাৰ্ড থকা ব্যক্তিক মুখ্যমন্ত্ৰীৰ আয়ুস্মান অসম আঁচনিত সামৰি ল'ব।

মন কৰিবলগীয়া প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত আঁচনিয়ে ২৭ লাখ মানুহক সামৰি লয়। কিন্তু অসমত ৰেছন কাৰ্ড থকা মানুহ আছে ৫৫ লাখ। সেয়ে অতিৰিক্ত মানুহখিনিক মুখ্যমন্ত্ৰী আয়ুস্মান আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব।

আনহাতে এতিয়াৰ অটল অমৃত যোজনা বন্ধ কৰি নতুনকৈ আৰম্ভ কৰা হ'ব। পূৰ্বে এই আঁচনিয়ে মাত্ৰ ৫ টা ৰোগক সামৰি লৈছিল। এতিয়াৰে পৰা নতুন অটল অমৃত যোজনাই সকলোবোৰ ৰোগকে সামৰি ল'ব।

শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি চিন্তাৰে আগুৱাই গৈছে সেই চিন্তাৰে অসমৰ শিক্ষা বহুদূৰ আগুৱাই গৈছে বুলি উল্লেখ কৰি তেওঁ কয়, এই বছৰত অসম চৰকাৰৰ লক্ষ্য হ'ব অসমৰ হাইস্কুল বোৰৰ ৰূপান্তৰ।

৫ কোটিৰ পৰা ১০ কোটি টকা প্ৰদান কৰি নতুনকৈ আধুনিক ভাৱে নিৰ্মাণ কৰিব অসমৰ হাইস্কুলবোৰ। আনহাতে অসমত নতুনকৈ নিৰ্মাণ কৰা হ'ব বহুকেইখন মহাবিদ্যালয়।

এই সন্দৰ্ভত তেওঁ কয়, অসমত প্ৰায় ৪০ খন নতুন কলেজ নিৰ্মাণ কৰা হ'ব। অসম সৈনিক চ'ছাইটি নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে নিজৰ খৰচত আৰু ৫ খন সৈনিক স্কুল নিৰ্মাণ কৰিব।

ইয়াত কেন্দ্ৰীয় চৰকাৰৰ কোৱালিটি কণ্ট্ৰ'লহে থাকিব। খৰচ সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিব। এইবছৰৰ পৰা অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতিও আৰম্ভ কৰা হ'ব। এইবছৰৰ পৰা অসমত ৪ বছৰীয়া এণ্টিগ্ৰেটেড ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হ'ব।

ইতিপূৰ্বে ঘোষণা কৰা ৬ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্তকো কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ বিধানসভাত এই সন্দৰ্ভত আইন পাছ কৰা হ'ব।

আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসম চৰকাৰে বৃহৎ পদক্ষেপ চৰকাৰে হাতত লৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ১২ হাজাৰ কোটি টকাৰ অসম মালা, ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংসমূহৰ লগতে এইবছৰ গুৱাহাটীৰ ৰিংক ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, গোলাঘাট-গহপুৰৰ মাজত আৰু এখন দলং নিৰ্মাণৰ লক্ষ্য লৈছে অসম চৰকাৰে।

ইষ্ট-ৱেষ্ট কৰিডৰৰ কামো আৰম্ভ হৈছে। বৰাক উপত্যকাত ইয়াৰ কাম আৰম্ভ হৈছে। এই প্ৰকল্পও এক-ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। আনহাতে মথাউৰিৰ নিৰ্মাণৰ কামো অধিক দ্ৰুত উন্নয়নৰ ফালে লৈ যাবলৈ চেষ্টা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

শিশুৰ কল্যাণৰ বাবে মডেল অংগনবাডী সমূহ নিৰ্মাণৰ কথা কৈ তেওঁ কয়, বাল্য বিবাহৰ ক্ষেত্ৰত গ্ৰেপ্তাৰ আৰু গোচৰৰ সংখ্যা বৰ্তমানৰ তুলনাত আৰু ৩ গুণ বৃদ্ধি কৰা হ'ব। আগন্তুক সময়ত এই বিষয়ত তীব্ৰ অভিযান চলিব।

ৰাজ্য চৰকাৰৰ বিত্তীয় পৰিৱেশ সুস্থিৰ কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেয়, ৰাজ্যচৰকাৰে Externally Added Project সমূহ বৃদ্ধি কৰাৰ চেষ্টা চলাইছে। এনে প্ৰকল্পত ৮০ শতাংশ অনুদান হয় আৰু ২০ শতাংশহে উভতাই দিব লাগে।

সেয়ে এনে ধৰণৰ বহিঃসাহায্যৰ প্ৰকল্প আৰু অধিক পাবৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে।কেঞ্চাৰ হাস্পতালৰ দৰেই পি পি পি মাধ্যমত টাটা টেকনলজীৰ লগত অসমৰ পলিটেকনিক আৰু আই টি আই বোৰক ইণ্ডাষ্ট্ৰী ৪.০ কৰাৰ বাবে যি চুক্তি স্বাক্ষৰ কৰা হৈছিল সেই চুক্তি কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা বাজেট বৃদ্ধিৰ বাবেও চৰকাৰে তীব্ৰ গতিত কাম কৰাৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয়, চৰকাৰৰ বাজেট বাঢ়ে যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰৰ সফল ৰূপায়ণ হয়।

যোৱা বছৰটোৰ এনে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে যথেষ্ট টকা পাবলৈ সক্ষম হৈছিল। এইবাৰো কেন্দ্ৰীয় আঁচনিৰ কামবৰো দূৰন্ত গতিত আগুৱাই নিবলৈ বিচাৰিছে।

মহিলা সৱলীকৰণৰ লক্ষ্য হিচাপে অৰুণোদয় আঁচনি এইবছৰতে ২৭ মহিলালৈ আগবঢ়াব। এই আঁচনিৰ ধন ১৩০০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি পাব। এই অতিৰিক্ত ১৫০ টকা গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰাত সকাহ পাবলৈ আগবঢ়োৱা হ'ব।

এইবছৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক এন অ’ চি যোগান ধৰাৰ বাবে বেংকক চৰকাৰে ধন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। মহিলাসৱলীকৰণৰ বাবে এতিয়াৰে পৰা অসমত সকলো ধৰ্মৰ লোকৰ ক্ষেত্ৰতে বন্ধ হ'ব পলিগেমী।

অৰ্থাৎ এজন পুৰুষে ৪ গৰাকীকৈ মহিলাক বিয়া কৰোৱা কাৰ্য বন্ধ কৰিব বিচৰা হৈছে। এই সন্দৰ্ভত এখন সাংবিধানিক কমিটী গঠন কৰা হ'ব। এই কমিটীয়ে সকলো ধৰ্মীয় লোকৰ সৈতে আলোচনা কৰি আইন প্ৰস্তুত কৰিব।

অসমৰ ঐতিহ্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰ বদ্ধ পৰিকৰ। বিহু আৰু লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ বিশ্ব অভিলেখৰ পাছত চৰকাৰখনে এতিয়া চৰাইদেউৰ বিশ্ব ঐত্যিহ্যক্ষেত্ৰৰ মৰ্যাদালৈ অপেক্ষা কৰিছে।

ইউনেস্কৰ দল বছৰৰ শেষৰ ভাগত অসমলৈ আহিব। ইয়াৰ বাবে কেইবাগৰাকীও মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা হৈছে। ইয়াৰোপৰি অসমৰ চাহৰ ২০০ বছৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ তিথি উদযাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

২০০ কোটি টকাৰ বৰদোৱা প্ৰকল্প এইবছৰতেই সমাপ্ত হ'ব। চুকাফা কলেক্ষেত্ৰ নিৰ্মাণৰো কাম এইবছৰতেই শেষ হ'ব। কামাখ্যা কৰিডৰ নিৰ্মাণৰো কামো এইবছৰতে আৰম্ভ হ'ব। ইয়াৰ বাবে জুনত নিবিদা আহ্বান কৰা হ'ব।  

আনহাতে লখিমপুৰৰ নাৰায়ণপুৰত থকা শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ ভূমিত নিৰ্মাণ কৰা শ্ৰীশ্ৰী মাধৱদেশ কলাক্ষেত্ৰও শুভ উদ্বোধনৰ বাবে সাজু কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কলাক্ষেত্ৰ শুভ উদ্বোধন কৰিব।

মুখ্যমন্ত্ৰীৰ এইবোৰ কথা শুনিলে আপোনাৰো ভাল লাগিব...
সেনাৰ ইউনিউৰ্মক লৈ ডাঙৰ সিদ্ধান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in