/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d01f5323-1b22-4cbb-84a1-c5fade2c87bc/fdd.jpg)
ডিজিটেল সংবাদ, শোণিতপুৰঃ গুজৰাটৰ বডনগৰ জৱাহৰ নৱোদয় বিদ্যালয়ত যোৱা ২৮ আগষ্টৰ পৰা ৩০ আগষ্ট,২০২৩ লৈ অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় পৰ্যায়ৰ নৱোদয় বিদ্যালয় সমিতিৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয় (শোণিতপুৰ)ৰ ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পদক অৰ্জন কৰি বিদ্যালয়ৰ লগতে সমগ্ৰ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/32da2ce1-538f-4a34-807c-899e33afb2db/26d50248_7a60_4e7c_8800_c1e586020873.jpg)
বিদ্যালয়ৰ বক্সিং প্ৰশিক্ষক বিকাশ জ্যোতি বৰাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা বিদ্যালয় বক্সিং দলটোৰ সৰ্বমুঠ ১১ জন বক্সাৰ সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ সমূহ নৱোদয় বিদ্যালয়ৰ শ্ৰেষ্ঠ বক্সাৰসকল মিলি গঠন হোৱা শ্বিলং বিভাগৰ ৩৭ জনীয়া দলটোত নিৰ্বাচিত হয় । প্ৰতিযোগিতাখনত জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰৰ দশম শ্ৰেণীৰ ছাত্ৰ শংকৰ জ্যোতি পাটগিৰিয়ে দু্ৰ্দান্ত প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু লগতে নৱোদয় বিদ্যালয় সমিতিৰ সৰ্বভাৰতীয় বক্সিং দলটিত নৱেম্বৰত হ’বলগীয়া এচ জি এফ আই প্ৰতিযোগিতাত অংশগ্রহণৰ বাবে স্থান লাভ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7d8e75e6-bfca-43f4-b249-74e4a2ef99d2/49f7fb95_5986_4b6a_a610_c7436bfeb3c1.jpg)
প্ৰতিযোগিতাখনত জৱাহৰ নৱোদয় বিদ্যালয় (শোণিতপুৰ)ৰ ৫ গৰাকী বক্সাৰে ৰূপৰ পদক অৰ্জন কৰে । ৰূপৰ পদক অৰ্জন কৰা বক্সাৰসকলৰ নামসমূহ হ’ল নৱম শ্ৰেণীৰ অয়ন জ্যোতিষ নাথ আৰু চৰাংছাৰ বসুমতাৰী, সপ্তম শ্ৰেণীৰ কৌষিক বৰা আৰু য়ছৰাজ বৰ্মন আৰু একাদশ শ্ৰেণীৰ এন্টিলো ৰ’মাট । প্ৰতিযোগিতাখনত জৱাহৰ নৱোদয় বিদ্যালয় (শোণিতপুৰ)ৰ ০৩ গৰাকী বক্সাৰে ব্ৰজ্ঞৰ পদক অৰ্জন কৰে ।
বক্সাৰসকল হ’ল সপ্তম শ্ৰেণীৰ অভিজ্ঞান শইকীয়া, অষ্টম শ্ৰেণীৰ জয়স্মিতা দত্ত আৰু দশম শ্ৰেণীৰ অংকুৰ জ্যোতি কুটূম । জৱাহৰ নৱোদয় বিদ্যালয় (শোণিতপুৰ) ৰ এই সাফল্যই বিদ্যালয় তথা বিশ্বনাথ আৰু শোণিতপুৰ বাসী ৰাইজৰ লগতে সমগ্ৰ উত্তৰ পূৱ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
Also Read: 'এক ৰাষ্ট্ৰ-এক নিৰ্বাচন' : প্ৰাক্তন ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত সমিতি গঠন কেন্দ্ৰৰ