'এক ৰাষ্ট্ৰ-এক নিৰ্বাচন' : প্ৰাক্তন ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত সমিতি গঠন কেন্দ্ৰৰ

দেশত মাত্ৰ এটা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত লৈছে।

author-image
Asomiya Pratidin
New Update
'এক ৰাষ্ট্ৰ-এক নিৰ্বাচন' : প্ৰাক্তন ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত সমিতি গঠন কেন্দ্ৰৰ

ডিজিটেল ডেস্কঃ দেশত মাত্ৰ এটা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰই 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' সম্পৰ্কে এখন সমিতি গঠন কৰিছে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক এই সমিতিৰ অধ্যক্ষ কৰা হৈছে।

Advertisment

এই সমিতিখনে এই বিষয়টো বিবেচনা কৰাৰ পিছত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে কেন্দ্ৰই সিদ্ধান্ত ল'ব যে আগন্তুক সময়ত লোকসভা নিৰ্বাচনৰ সময়তে দেশৰ প্ৰতিখন ৰাজ্যতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব নে নাই।

'এক ৰাষ্ট্ৰ-এক নিৰ্বাচন'ৰ অৰ্থ হৈছে যে দেশত অনুষ্ঠিত হোৱা সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব লাগে। দেশ স্বাধীনতা হোৱাৰ কিছু সময় পিছলৈকে লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াক পৃথক কৰা হৈছিল।

উল্লেখ্য যে, কেন্দ্ৰ চৰকাৰে ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সদনত বিশেষ বৈঠকৰ আহ্বান কৰিছে। গতিকে এই সময়চোৱাত এই বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱণা আছে।

Also Read: অসমৰ য়াপলি পেগুলৈ মিছেছ ইণ্ডিয়া-ছি ইজ ইণ্ডিয়া, ২০২৩ ডিভা বঁটা

election