পথাৰত চিৰাল ফাটঃ কৃষকক পানী যোগানত ব্যৰ্থ বৰডিকৰাই জলসিঞ্চন প্ৰকল্প...

পথাৰত চিৰাল ফাটঃ কৃষকক পানী যোগানত ব্যৰ্থ বৰডিকৰাই জলসিঞ্চন প্ৰকল্প...
পথাৰত চিৰাল ফাটঃ কৃষকক পানী যোগানত ব্যৰ্থ বৰডিকৰাই জলসিঞ্চন প্ৰকল্প...

ডিজিটেল সংবাদ জামুগুৰিঃ প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। সূৰ্য্যৰ প্ৰখৰ ৰ'দত চিৰাল ফাট দিছে ৰাজ্যৰ খেতিপথাৰ। অসমৰ অন্যান্য প্ৰান্তৰ কৃষকৰ লগতে জামুগুৰিহাটৰ কৃষকৰ মাজতো এতিয়া হাহাকাৰ পৰিস্থিতি।

পানীৰ অভাৱত কঠিয়া পাৰিব পৰা নাই কৃষক ৰাইজে।যি দুই এজন কৃষকে টেংকিত পানী কঢ়িয়াই কঠিয়া পাৰিছিল সেই কঠিয়াও এতিয়া পানীৰ অভাৱত মৰহিবলৈ ধৰিছে।কৃষকৰ এই দুৰৱস্থাৰ সময়ত আঞ্চলটোত থকা অসমৰ অন্যতম বৃহৎ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পও জামুগুৰিহাটৰ কৃষক ৰাইজক পথাৰত পানী যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

উল্লেখ্য, বৃহত্তৰ নদুৱাৰ অঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থে অঞ্চলটোৰ উত্তৰাঞ্চলৰ অসম অৰুণাচল সীমান্তৰ চিজুচাৰ বৰদিকৰাই নদীত সত্তৰৰ দশকতে বৰদিকৰাই জলসিঞ্চন প্ৰকল্প স্থাপন কৰা হৈছিল। কিন্তু এই প্ৰকল্পই কৃষক ৰাইজৰ দুৰ্যোগৰ সময়তো পানী যোগান ধৰিব পৰা নাই।

স্থানীয় ৰাইজৰ অভিযোগ বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজৰ খেতিপথাৰৰ মাজেদি যোৱা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ বৃহৎ বৃহৎ নলা সমূহ এতিয়া হাবি জংঘলৰে ভৰি পৰিছে।খৰাং বতৰত কৃষকক পানী যোগান ধৰিব নোৱাৰা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পই যেতিয়া খেতিপথাৰ বৰষুণৰ পানীৰে ওপচি থাকে তেতিয়া পানী এৰি দি কৃষকক হাৰাশাস্তি দিয়া বুলিহে ৰাইজে অভিযোগ কৰিছে।

পথাৰত চিৰাল ফাটঃ কৃষকক পানী যোগানত ব্যৰ্থ বৰডিকৰাই জলসিঞ্চন প্ৰকল্প...
আকৌ আহিল অম্বুবাচীঃ ভক্তৰ বাবে পথত পাৰি দিব কাৰ্পেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in