সোণাৰিত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সভা সম্পন্ন...

বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ
সোণাৰিত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সভা সম্পন্ন...
সোণাৰিত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সভা সম্পন্ন...

ডিজিটেল সংবাদ চৰাইদেউঃ ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আজি এখন প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি লক্ষ্মীনাথ তাছাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত আগন্তুক ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটত সম্বোধন কৰিবলগীয়া জনসভাত চৰাইদেউ জিলাৰ পৰা অংশগ্ৰহণ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা হয়।

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা সমিতিৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, জিলা প্ৰভাৰী সুভাষ দত্ত, সহ প্ৰভাৰী মানস সন্দিকৈ, অসম ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি দুলেন নায়ক আৰু বিভুতী বৰঠাকুৰ উপস্থিতত অনুষ্ঠিত প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সভাত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰো।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৯ মাৰ্চত যোৰহাটত উপস্থিত হ'ব আৰু এখন জনসভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ হোলোঙাপাৰত নৱনিৰ্মিত বৃহৎ আকাৰৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি শুভ উন্মোচন কৰিব।

আজিৰ সভাত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৰহাট ভ্ৰমণে সমগ্ৰ উজনি অসমলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনাটো নিশ্চিত। লগতে তেওঁ চৰাইদেউ জিলাৰ পৰা ১০ হাজাৰ বিজেপি দলীয় নেতা, কৰ্মী উক্ত জনসভাত অংশগ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

সোণাৰিত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সভা সম্পন্ন...
বন্ধু পত্নীৰ সৈতে পৰকীয় প্ৰেমঃ প্লাম্বাৰ বাপনে গুলীয়ালে ছাদ্দামক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in