/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ab2518ba-60ca-4846-b1d5-d5afad5f16cb/25.jpg)
ডিজিটেল সংবাদ,কামপুৰ : শনিবাৰে কামপুৰৰ দীঘলী বিলৰ কাষৰ পৰা এটা অসুস্থ দুস্পাপ্য বৰটোকোলা উদ্ধাৰ কৰি বৰ্তমান চিকিৎসা সেৱা আগবঢ়াইছে কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰনী শইকীয়াই। উল্লেখ্য যে কামপুৰৰ আটি কামপুৰৰ কৃষ্ণ লস্কৰ নামৰ লোকজনৰ খবৰৰ ভিত্তিত অসুস্থ বৰটোকোলাটোক পথাৰত পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমীজনে কামপুৰৰ পশু চিকিৎসালয়ৰ চিকিৎসালয়লৈ লৈ আনে।
চিকিৎসক চন্দ্ৰমিত্ৰা বৰ্মনে অসুস্থ বৰটোকোলাটোক সম্প্ৰতি চিকিৎসা প্ৰদান কৰি থকাৰ কথা জানিব পৰা গৈছে। চিকিৎসকগৰাকীয়ে বৰটোকোলাটো ডায়েৰীয়া ৰোগত আক্ৰান্তু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আনফালে বৰটোকোলাটো খাদ্যত বিষক্ৰিয়া হোৱাৰ বাবে এনেদৰে অসুস্থ হৈ পৰাৰ সন্দেহ প্ৰকাশ কৰিছে।
Also Read: মঙলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত বিশিষ্ট অধিবক্তা লক্ষ্মীকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us