বিশ্বনাথত 'ঘৰে ঘৰে বিজেপি' কাৰ্য্যসূচী

বিশ্বনাথত 'ঘৰে ঘৰে বিজেপি' কাৰ্য্যসূচী

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত 'ঘৰে ঘৰে বিজেপি' কাৰ্য্যসূচী

ডিজিটেল সংবাদ, বিশ্বনাথঃ ভাৰতীয় জনতা পাৰ্টিৰ দলীয় নির্দেশমর্মে আশীর্বাদ লোৱা আৰু ' 'ঘৰে ঘৰে বিজেপি' কাৰ্য্যসূচী মঙ্গলবাৰে বিশ্বনাথ বিধানসভা সমষ্টিত শুভাৰম্ভ কৰে। ৰাইজৰ ঘৰে ঘৰে গৈ আনুষ্ঠানিকভাৱে আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি কৰি নিৰ্বাচনী প্ৰচাৰ চলাই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিজেপিৰ জিলা সভাপতি দিগন্ত ঘাটোৱাৰে।

Advertisment

এই কাৰ্যসূচীৰ জৰিয়তে বিশ্বনাথৰ কোবাইগঢ়া গাঁৱৰ প্রত্যেকগৰাকী পৃষ্ঠাপ্ৰমুখৰ ঘৰে ঘৰে কাৰ্যকৰ্তা সকলৰ সহিতে গৈ জ্যেষ্ঠ সকলক প্রণাম জনাই তেখেতসকলক পৰা আৰ্শীবাদ লয় আৰু তেওঁলোকৰ অনুমতি সাপেক্ষে দলীয় পতাকা লগাই নিৰ্বাচনী প্ৰচাৰ চলাই।

এই কাৰ্যসূচীত বিধায়কগৰাকীয়ে সকলোৰে সহায় সহযোগিতা বিচাৰি শোণিতপুৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক জিকাই তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপত অধিষ্ঠিত কৰাৰ আহ্বান কৰে।

Also Read: বতৰেও দিব নোৱাৰিলে বাধাঃ লখিমপুৰত মনোনয়নৰ পাছত ডিব্ৰুগড়তো সোণোৱালক সংগ মুখ্যমন্ত্ৰীৰ...

promod borthakur biswanath bjp diganta ghatuwar