বতৰেও দিব নোৱাৰিলে বাধাঃ লখিমপুৰত মনোনয়নৰ পাছত ডিব্ৰুগড়তো সোণোৱালক সংগ মুখ্যমন্ত্ৰীৰ...

বতৰেও দিব নোৱাৰিলে বাধাঃ লখিমপুৰত মনোনয়নৰ পাছত ডিব্ৰুগড়তো  সোণোৱালক সংগ মুখ্যমন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ সহস্ৰাধিক সমৰ্থকক লৈ বিশাল ৰে’লীৰে লখিমপুৰ আৰু ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ দুই হেভীৱেট প্ৰাৰ্থীয়ে। লখিমপুৰত প্ৰদান বৰুৱা আৰু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পৰ্বৰ সময়ত সংগ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰথমে লখিমপুৰত প্ৰদান বৰুৱাৰ মনোনয়ন পত্ৰ দাখিলত সংগ দিয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰযোগে উপস্থিত হয় ডিব্ৰুগড়ত। প্ৰতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। তথাপিও সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰিবলৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বেই ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।

প্ৰদান বৰুৱাৰ মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী অতুল বৰাৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সমষ্টি কেইটাৰ বিজেপি বিধায়কসকল উপস্থিত থাকে। ইফালে ডিব্ৰুগড়ত সৰ্বানন্দ সোণাৱাৱলৰ সৈতে অগপ নেতা কেশৱ মহন্ত, অতুল বৰাৰ উপৰিও স্থানীয় বিধায়কসকল উপস্থিত থাকে।

ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ডিব্ৰুগড়ত হিচাপ কৰিব নোৱাৰা ভোটৰ ব্যৱধানত জয়ী হব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। লুৰীণজ্যোতি গগৈয়ে ৫০ৰ পৰা ৬০হাজাৰ ভোট লাভ কৰিব। তাতকৈ বেছি মানুহে তেওঁক ভোট নিদিয়ে কিয়নো বিজেপিৰ কল্যাণকামী আঁচনিৰ সৈতে সকলো অৱগত।‘

বতৰেও দিব নোৱাৰিলে বাধাঃ লখিমপুৰত মনোনয়নৰ পাছত ডিব্ৰুগড়তো  সোণোৱালক সংগ মুখ্যমন্ত্ৰীৰ...
মস্কোৰ আক্ৰমণৰ বাবে 'উগ্ৰ ইছলামিক'ক দোষাৰোপ পুটিনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in