বিশ্বনাথত অসম বহুমূখী সমবায় সমিতি লিমিটেডৰ সংবাদমেল

বিশ্বনাথত অসম বহুমূখী সমবায় সমিতি লিমিটেডৰ সংবাদমেল

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ কস্তুৰী প্লেছ হোটেলত "অসম বহুমূখী সমবায় সমিতি লিমিটেড" নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ সংবাদমেল। বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সংবাদ মাধ্যমে তথ্য বিহীন বাতৰি প্ৰকাশ কৰিছে কৰাৰ অভিযোগ কৰ্তৃপক্ষৰ। সেই সন্দৰ্ভতে সংবাদমেলৰ আয়োজন কৰে অসম বহুমূখী সমবায় সমিতি লিমিটেডে।

সংবাদমেলযোগে উক্ত বিত্তীয় প্ৰতিষ্ঠানৰ বৰগাঙ শাখাৰ শাখা পৰিচালক জগত দাসে কয় যে- "বৃহস্পতিবাৰে একাংশ সংবাদ মাধ্যমে আমাৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে কিছু তথ্য বিহীন বাতৰি প্ৰকাশ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত বিত্তীয় প্ৰতিষ্ঠানৰ গ্ৰাহকসকলে আতংকিত হোৱা পৰিলক্ষিত হৈছে। সেইহে বৰগাঙ শাখাৰ পৰিচালকগৰাকীয়ে প্ৰতিষ্ঠানৰ গ্ৰাহকসকলক স্পষ্টিকৰণ দিবলৈ এই সংবাদমেলৰ আয়োজন কৰিছো" বুলি উল্লেখ কৰে।

লগতে কয় যে- "আমাৰ শাখাৰ গ্ৰাহকসকলৰ জমা ৰখা ধণ অসম গ্ৰামীণ বিকাশ বেংকৰ বৰগাঙ শাখাত জমা আছে। কিন্তু একাংশ সংবাদ মাধ্যামে আমাৰ পৰা কোনো ধৰণৰ তথ্য নোলোৱাকৈ বাতৰিত প্ৰকাশ কৰিছে যে- আমাৰ বেংকত গ্ৰাহকৰ কেৱল ১লাখ ৯২হাজাৰ টকা হে জমা আছে।" যাৰ বাবে ১লাখ ৯২হাজাৰ টকা কেইজনক দিব বুলি গ্ৰাহকসকল বিভ্ৰান্ত হৈ পৰিছে।

তদুপৰি তেওঁ কয় যে- চৰকাৰী তদন্ত কমিটিয়ে আমাৰ বিত্তীয় প্ৰতিষ্ঠানত উপস্থিত হৈ আমাৰ বেংকত কিবা বিত্তীয় খেলি-মেলি আছে নেকি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ প্ৰতিষ্ঠানখন বন্ধ কৰিছিল। সেই বন্ধ কৰা দিনটোত দিনৰ ৩ বজালৈকে অসম গ্ৰামীণ বিকাশ বেংকৰ বৰগাং শাখাৰ পৰা অনা টকা গ্ৰাহকসকলক দি কেছিআৰ/মেনেজাৰৰ হাতত থাকি যোৱা টকা হে, সেই টকাখিনি কেছবুকৰ ক্লজিং (closing) বেলেঞ্চৰ নগদ হাতত পোৱা জমা টকা (cash in hand) আছিল।

টকাখিনিৰ পৰিমাণ ২ লাখ ৯৭হাজাৰ ১৩ টকা আছিল, সেই টকাখিনি ও চৰকাৰৰ জিম্মাত আছে। ইয়াৰোপৰি আমাৰ বিত্তীয় প্ৰতিষ্ঠানৰ যথেষ্ট টকা অসম গ্ৰামীণ বিকাশ বেংক ত জমা হৈ আছে, আৰু বাকী টকা লোণৰ বাবদ গ্ৰাহকৰ পৰা পাব লগা আছে। একাংশ লোকে প্ৰতিষ্ঠানখন তদন্ত কমিটীয়ে বেংকৰ পৰা লাভ কৰা উক্ত কেচ ইন হেণ্ড টকাখিনিয়ে গ্ৰাহকৰ মূলধন বুলি প্ৰচাৰ কৰাত এতিয়া গ্ৰাহকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

তেওঁলোকৰ মনত শংকা নামি আহিছে যে- তেওঁলোকৰ জমা ৰখা ধন উক্ত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা উভতাই নাপাব । কিন্তু গ্ৰাহকসকলে এই ক্ষেত্ৰত অলপো চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি পৰিচালক গৰাকীয়ে কয়। তেওঁ গ্ৰাহকসকলৰ জমা ৰখা ধন সম্পূৰ্ণ সুৰক্ষিত ভাবে বেংকত জমা আছে বুলি ব্যক্ত কৰে।

চৰকাৰী তদন্ত ইতিমধ্যে এবাৰ নহয় দুবাৰ কৰিলে। এইক্ষেত্ৰতও কিছু সময় লৈছে। ইতিমধ্যে শেষ হোৱাৰ সময় সমাগত । এই তদন্ত শেষ হোৱাৰ পিছতে আমি আমাৰ গ্ৰাহকসকলে জমা ৰখা ধণ সুদসহ উভতাই পাব বুলি স্পষ্টিকৰণ দিয়ে পৰিচালক জগত দাসে। উল্লেখ্য যে, সংবাদমেলত অংশগ্ৰহণ কৰে পৰিচালকগৰাকীৰ লগতে বিত্তীয় প্ৰতিষ্ঠানৰ ডেভলপমেণ্ট অফিচাৰ প্ৰনৱ দেৱনাথ আৰু আন এগৰাকী বিষয়া বিকী চাহু।

বিশ্বনাথত অসম বহুমূখী সমবায় সমিতি লিমিটেডৰ সংবাদমেল
৬ খন ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপিৰ স্থিতি কি? জানক ফলাফল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in