৬ খন ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপিৰ স্থিতি কি? জানক ফলাফল...

৬ খন ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপিৰ স্থিতি কি? জানক ফলাফল...

ডিজিটেল ডেস্কঃ আৰু কেইটামান মূহুৰ্তৰ পাছতেই ফলাফল ওলাব ৬ ৰাজ্যৰ ৭টা বিধানসভাৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ। বৰ্তমানলৈ কেইটামান সমষ্টিৰ ফলাফল ঘোষণা হৈছে যদিও কেইটামান সমষ্টিৰ ভোটগণনা অব্যাহত আছে।

ফলাফল অনুসৰি পশ্চিমবংগৰ ধূপগুৰিত তৃণমূল কংগ্রেছৰ জয়লাভ,ত্ৰিপুৰাৰ দুটা সমষ্টিত বিজেপিৰ জয়লাভ, কেৰালাৰ এটা সমষ্টিত কংগ্রেছৰ জয়লাভ।

উত্তৰ প্রদেশৰ ঘোচিত সমাজবাদী দলৰ অগ্রগতি,উত্তৰাখণ্ডৰ এটা সমষ্টিত বিজেপিৰ অগ্রগতি লগতে ঝাৰখণ্ডৰ এটা সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ অগ্রগতি।  

উল্লেখ্য যে, ৭টা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচন বুধবাৰে অনুষ্ঠিত হৈছিল। উপনিৰ্বাচন অনুষ্ঠিত হোৱা সাতখন বিধানসভা আসন হৈছে উত্তৰাখণ্ডৰ বাগেশ্বৰ, উত্তৰ প্ৰদেশৰ ঘোচি, কেৰালাৰ পুথুপল্লী, পশ্চিম বংগৰ ধুপগুৰি, ঝাৰখণ্ডৰ দুমৰী আৰু ত্ৰিপুৰাৰ বাক্সনগৰ আৰু ধনপুৰ।

৬ খন ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপিৰ স্থিতি কি? জানক ফলাফল...
১০ বছৰ পাছত গণিত শিক্ষক পালে ভাটি মেদক হাইস্কুলে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in