বিশ্ব পৰ্যটন দিৱসৰ দিনাই বিশ্বনাথঘাটে লাভ কৰিলে '২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও' বটাঁ

বিশ্ব পৰ্য্যটন দিৱসৰ দিনাই বিশ্বনাথঘাটে লাভ কৰিলে '২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ পৰ্য্যটন গাঁও' বটাঁ

author-image
Asomiya Pratidin
New Update
বিশ্ব পৰ্যটন দিৱসৰ দিনাই বিশ্বনাথঘাটে লাভ কৰিলে '২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও' বটাঁ

ডিজিটেল সংবাদ, বিশ্বনাথঘাটঃ বিশ্ব পৰ্যটন দিৱসৰ দিনাই অসমৰ ইতিহাস প্ৰসিদ্ধ পৰ্য্যটন নগৰী বিশ্বনাথঘাটে লাভ কৰিবলৈ সক্ষম হ'ল ভাৰতৰ চৰকাৰৰ পৰ্যটন বিভাগৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ পৰ্যটন গাওঁ। এই বঁটা প্ৰদান কৰে পৰ্যটন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে।

Advertisment

বুধবাৰে প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰে অসম পৰ্যটন বিভাগৰ উপ সঞ্চালক ময়ত্ৰী দেৱী দাস, ড০ কিশোৰ হাজৰিকা আৰু ঋতুপাল বৰদলৈ।

বঁটা গ্ৰহণ কৰি অসমৰ পৰ্য্যটন ক্ষেত্ৰক আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ সংকল্প অসম পৰ্যটন বিভাগৰ।

২০১১ চনৰ পৰা বিশ্বনাথৰ পৰ্যটন বিকাশৰ কাৰণে কাম কৰি অহা "চাইনিং গ্ৰীণ এচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচন"ৰ হৈ কিশোৰ হাজৰিকাই এটা দশক ধৰি কাম কৰি এই সফলতা লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে পৰ্যটন মন্ত্ৰী আৰু বিভাগক ধন্যবাদ জ্ঞাপন কৰে।

Also Read: 'অমৃত কলহ যাত্ৰা' ভাগ লৈ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই

বিশ্ব পৰ্য্যটন দিৱস