'অমৃত কলহ যাত্ৰা' ভাগ লৈ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই

'অমৃত কলহ যাত্ৰা' ভাগ লৈ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই

ডিজিটেল সংবাদ, মৰিগাঁও: জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে জাগীৰোডত "মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীৰ ২টা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। প্ৰথমটো শোভাযাত্ৰাত পলাহগুৰি গাঁৱৰ পৰা নেলী পঞ্চায়তলৈকে মুঠ ৪ কিলোমিটাৰ পদব্ৰজে শোভাযাত্ৰা কৰি গৈ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে। ঢোলে দগৰে সকলোৱে শোভাযাত্ৰাত অংশ লৈ অমৃত কলহত মাটি সংগ্ৰহ কৰে।

গায়ন-বায়নৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি সাংস্কৃতিক দলসমূহে ব্যাপক উৎসাহেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। আনহাতে বুধবাৰে জাগীৰোডৰ মনহা কালি মন্দিৰৰ সন্মুখৰ পৰা ঝাৰগাওঁ লক্ষী মন্দিৰ প্ৰাঙ্গনলৈও পদব্ৰজে 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুয়োটা কাৰ্য্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহন কৰে। দুয়োটা কাৰ্যসূচীত তিৱা স্বায়ত্বশাসিত পৰিষদৰ কেইবাগৰাকীও পাৰিষদ, কেইবাগৰাকীও নেত্ৰীস্থানীয় তথা বিশিষ্ট ব্যক্তি, স্থানীয় লোক, ছাত্ৰ-ছাত্ৰী, এন চি চি কেডেট, আৰক্ষী আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।

"মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰা সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে ব্যাপক প্ৰয়াস চলাইছে। এই কাৰ্যসূচী যাতে জিলাখনৰ গাঁৱে ভূঞে সকলো ঠাইলৈকে সম্প্ৰসাৰিত হয় আৰু ৰাইজে দেশপ্ৰেমৰ ভাৱধাৰাৰে উদ্বুদ্ধ লৈ স্বতঃস্ফুৰ্তভাৱে অংশ লয় সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ উদ্যোগত ঠায়ে ঠায়ে শোভাযাত্ৰা অনুষ্ঠিত কৰিছে। এই শোভাযাত্ৰাসমূহত ৰাইজৰ বিপুল অংশগ্ৰহণ পৰিলক্ষিত হৈছে। জিলাখনৰ মায়ঙত অহা ৩ অক্টোবৰৰ বিয়লি আন এটা শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। এই শোভাযাত্ৰাতো জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে অহা ১ অক্টোবৰলৈকে প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ঘৰৰ পৰা মাটি বা মাটি নাথাকিলে এমুঠি চাউল সংগ্ৰহ কৰা হ'ব। অহা ২ অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি আৰু চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ পৰা শোভাযাত্রা কৰি গাঁও পঞ্চায়ত বা পৌৰ কাৰ্যালয়ত উপস্থিত হ'ব। এটি গাম্ভীর্যপূর্ণ কাৰ্যসূচীৰে সমুহ গাঁও/ ৱাৰ্ডৰ মাটি মিশ্রণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত দান কৰা হ'ব। গাঁৱৰ পৰা লৈ অহা অৱশিষ্ট মাটিখিনি গাঁৱৰ উন্নয়নমূলক কামত ব্যৱহাৰৰ বাবে সন্মানসহকাৰে ৰাখি থোৱা হ'ব। ৮ আৰু ১৫ অক্টোবৰৰ যিকোনো এটা দিনত অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মর্যাদাসহকাৰে প্ৰেৰণ কৰা হ'ব।

২৫ অক্টোবৰত উন্নয়ন খণ্ড/ পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পবিত্র মাটিৰে পূৰ্ণ পিতলৰ কলহ ২টা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব। ২৬ অক্টোবৰত খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্ৰাংগণত সংগ্ৰহ কৰা হ'ব। ২৭ অক্টোবৰত ৰাজধানী এক্সপ্রেছৰ নির্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড/ পৌৰ এলেকাৰ পৰা সংগৃহীত ২০টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰি ২৮ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ'ব। ইয়াৰ পাছত এই পবিত্র ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত বাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যোৱা হ'ব।

'অমৃত কলহ যাত্ৰা' ভাগ লৈ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই
দেশৰ ৰাজধানীত দিনডকাইতিঃ মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে প্ৰায় ৫০০ গ্ৰাম সোণ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in