বিশ্বনাথত ধানৰ কলা ব্যৱসায় : কম মূল্যতে ধান ক্ৰয় কৰি কৃষকক প্ৰৱঞ্চনা মধ্যভোগীৰ

বিশ্বনাথত ধানৰ কলা ব্যৱসায় : কম মূল্যতে ধান ক্ৰয় কৰি কৃষকক প্ৰৱঞ্চনা মধ্যভোগীৰ

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত ধানৰ কলা ব্যৱসায় : কম মূল্যতে ধান ক্ৰয় কৰি কৃষকক প্ৰৱঞ্চনা মধ্যভোগীৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ লগতে বিশেষকৈ জিনজিয়া এলেকাত একাংশ অসাধু ব্যৱসায়ীয়ে ভাৰতীয় খাদ্য নিগম তথা মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ অভিলাসী আঁ‌চনিক বিফল কৰিবলৈ উঠি পৰি লাগিছে। এই সন্দৰ্ভত বিশ্বনাথ জিলাত দৰিদ্ৰ কৃষকৰ পৰা ধানৰ ক্ৰয়ৰ এক কলা ব্যৱসায় আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

দৰাচলতে কৃষক ৰাইজে চৰকাৰে মুকলি কৰা ধান কেন্দ্ৰত ধান বিক্ৰী কৰিলে সঠিক মূল্য লাভ কৰে যদিও কৃষকে নিজৰ ধান সমূহ এই কেন্দ্ৰলৈ নিজে লৈ অহাৰ লগতে এই ধানৰ মূল্য লাভ কৰিবলৈ ২/ ৩দিন সময়ৰ প্ৰয়োজন হয়। এই সুবিধাকে গ্ৰহণ কৰি একাংশ অসাধু বনিয়াই এতিয়া কৃষক ৰাইজৰ ঘৰে ঘৰে গৈ নগদ ধন দিয়াৰ প্ৰলোভনেৰে অতি কম মূল্যৰ বিনিময়ত ধান সংগ্ৰহ কৰি এই ধান বৃহৎ ট্ৰাকত পশ্চিম বংগলৈ প্ৰেৰণ কৰি আহিছে।

ফলত কৃষক ৰাইজ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে। কম মূল্যত কৃষকৰ ধান ক্ৰয় কৰি অধিক মুনাফা লাভৰ লক্ষ্যৰে এই দালাল সকলে ইতিমধ্যে গাৱে গাৱে ধান সংগ্ৰহত নামি পৰিছে।

উল্লেখ্য যে, ভাৰতীয় খাদ্য নিগমৰ অধীনত বিগত কিছু দিনৰ পৰা বিশ্বনাথ জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ধান ক্রয় কেন্দ্ৰ মুকলি কৰিছে। কৃষক ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰা নূন্যতম সমৰ্থিত মূল্য প্ৰতি কুইণ্টল ধানত ২১৮৩ টকা। এই দৰত ধান বিক্ৰি কৰি লাভাম্বিত হ'বলৈ ধান ক্ৰয় কেন্দ্ৰসমূহ মুকলি কৰিছে।

কৃষক ৰাইজে যাতে এই ধান বিক্ৰী কৰিবলৈ কোনো মধ্য ভোগীৰ শৰণাপন্ন হ'ব নালাগে তাৰ বাবেই ভাৰতীয় খাদ্য নিগমৰ অধীনত চৰকাৰে মুকলি কৰা এই ধান ক্ৰয় কেন্দ্ৰত নিৰ্দিষ্ট দৰ স্থিৰ কৰি দিছে। চৰকাৰৰ এনে ব্যৱস্থাৰ মাজতে দালাল চক্ৰৰ আৱিৰ্ভাৱে চৰকাৰৰ এইবিশেষ পদক্ষেপক গুৰুত্বহীন কৰি তুলিছে। জিলাৰ কৃষি বিভাগে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰো দাবী উঠিছে।

Also Read: তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে : সভাত উপস্থিত থাকিব শীৰ্ষ কংগ্ৰেছ নেতৃত্ব

biswanath