তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে : সভাত উপস্থিত থাকিব শীৰ্ষ কংগ্ৰেছ নেতৃত্ব

তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে : সভাত উপস্থিত থাকিব শীৰ্ষ কংগ্ৰেছ নেতৃত্ব

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেলেংগানা কংগ্ৰেছৰ সভাপতি অনুমুলা ৰেৱন্ত ৰেড্ডীয়ে তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

উক্ত অনুষ্ঠানত ৰেৱন্ত ৰেড্ডীৰ সৈতে শপত গ্ৰহণ কৰিব উত্তম কুমাৰ ৰেড্ডী, শ্ৰীধৰ বাবু, পোন্নম প্ৰভাকৰ, কমতিৰেদ্দি ভেংকট ৰেড্ডী, দামোদৰ ৰাজনাৰসিংহ, পংগুলেতি শ্ৰীনিবাস ৰেড্ডী, দনা আনসুয়া, তুম্মালা নাগেশ্বৰ ৰাও, কোণ্ডা সুৰেখা আৰু জুপল্লী কৃষ্ণ ৰাওৱে। তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া মল্লু ভট্টী বিক্ৰমাৰ্কাইৱো অন্য মন্ত্ৰীসকল আৰু নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিব।

কংগ্ৰেছ সংসদীয় পাৰ্টিৰ অধ্যক্ষা ছোনিয়া গান্ধী, সাংসদ ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু তেলেংগানাৰ কংগ্ৰেছ প্ৰভাৰী মণিকৰাও ঠাকাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ কংগ্ৰেছৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশিখৰ ৰাওকো এই শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়া, তেওঁৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, চুবুৰীয়া অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগান মোহন ৰেড্ডী আৰু টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।

তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে : সভাত উপস্থিত থাকিব শীৰ্ষ কংগ্ৰেছ নেতৃত্ব
অশোক গেহলট আৰু ডিজিপি উমেশ মিশ্ৰৰ গুৰুত্বহীনতাৰ বাবেই মৃত্য়ু হ'ল গোগামেড়ীৰ : পত্নীৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in