বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা চৌহদতো বিএমআই পৰীক্ষা

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা চৌহদতো বিএমআই পৰীক্ষা

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা চৌহদতো বিএমআই পৰীক্ষা

ডিজিটেল সংবাদ, বিশ্বনাথঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানাৰ চৌহদতো আৰক্ষী বিষয়া-কৰ্মচাৰীৰ বিএমআই পৰীক্ষা অনুষ্ঠিত হয়। বুধবাৰ অৰ্থাৎ ১৬ আগষ্ট তাৰিখৰ পৰা অহা ২১ আগষ্ট তাৰিখৰলৈকে এই বিএমআই পৰীক্ষা কাৰ্যসূচী অনুষ্ঠিত হ'ব।

Advertisment

অসম আৰক্ষী বাহিনী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক সোভাষিশ বৰুৱাৰ নেতৃত্বত বুধবাৰে ১০ বজাৰ পৰা সদৰ আৰক্ষী থানা চৌহদৰ এম আই ৰূমত পূৰ্ণ গতিত এই পৰীক্ষা কাৰ্যসূচী চলাই থকা হৈছে। উল্লেখ্য যে, আৰক্ষী প্ৰশাসনে জানিবলৈ দিয়া মতে সকলো পৰ্যায়ৰ আৰক্ষী কৰ্মীসকলে দেহত জোতা আৰু টুপি আদি পৰিধান নকৰাকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে।

উল্লেখ্য যে, আৰক্ষী জোৱানসকলে পৰীক্ষাৰ বাবে আন জিলালৈ যোৱাৰ কোনো প্ৰয়োজন নাই। কৰ্মৰত জিলাৰ সদৰত সকলো কৰ্মীৰ ডাটাবেছ উপলব্ধ হোৱাৰ হেতুকে জিলা সদৰতে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰক্ষী বিষয়া-কৰ্মীয়ে। তদুপৰি আৰক্ষী কৰ্মীসকলৰ যদি কোনো ব্যক্তিগত তথ্য ডাটাবেছত উপলব্ধ নহয় তেন্তে ইয়াক ঠাইতে যোগ কৰিব পাৰি।

Also Read: ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সফলতা

Assam police