ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সফলতা

ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকী খেলুৱৈয়ে সফলতা লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সফলতা

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাশ্বিকত চলিত মাহৰ ১২ৰ পৰা ১৫ তাৰিখলৈকে আয়োজিত ১১তম ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতা সফলভাৱে সমাপন হৈছে। এই প্ৰতিযোগিতাত অসমৰ প্ৰেৰণা হাজৰিকা (গোলাঘাট), লাকী দাস (গোলাঘাট), জেউতি বড়ো (ওডালগুৰি), টিপু পাতিৰ (ধেমাজি), প্ৰাঞ্জল দৈমাৰী (ধেমাজি)য়ে পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Advertisment

দেশৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ লগতে চি আই এছ এফ, বি এছ এফ, এছ এছ বি, আই টি বি পি আদিৰ মুঠ ৯৬০গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰাে। উল্লেখ্য ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত প্ৰায় সকলো খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়লৈকে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল যদিও চকুৰ অসুখৰ বাবে বহু প্ৰতিভাধাৰী খেলুৱৈয়ে নিজৰ ১০০% দিব নোৱাৰিলে।

উক্ত প্ৰতিযোগিতাৰ পাছত গোৱাত অনুষ্ঠিত হ'বলগীয়া আগন্তুক ৩৭তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱলৈ বাচনি কৰা হ'ব আৰু অসম দলে প্ৰথম অষ্টম শাৰীৰ দলসমূহত অন্তৰ্ভুক্ত হোৱাৰ সৌভাগ্য লাভ কৰিছে।

Also Read: ১০ বছৰৰ অন্তত অৱশেষত মুকলি হ'ল ধেমাজিৰ কোটিটকীয়া ষ্টেডিয়াম

ATHLETICS games